ETV Bharat / state

বৰপেটা আৰক্ষীৰ জালত এটা জুৱাৰী

author img

By

Published : Oct 20, 2020, 3:23 PM IST

বৰপেটাত IPL খেলক লৈ জুৱা। ৰহিজ উদ্দিন নামৰ এটা জুৱাৰীক গ্ৰেপ্তাৰ। ধৃত ৰহিজ উদ্দিনৰ পৰা এটা মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে।

বৰপেটা আৰক্ষীৰ জালত এটা জুৱাৰী
বৰপেটা আৰক্ষীৰ জালত এটা জুৱাৰী

বৰপেটা, ২০ অক্টোবৰ: বৰপেটাৰ বিভিন্ন স্থানত অবাধে চলিছে জুৱাৰ আড্ডা। IPL খেলত ক্ৰিকেট দলৰ জয়-পৰাজয়ক লৈ জুৱা খেল চলাইছে একাংশ অসাধু চক্ৰই। সোমবাৰে নিশা বৰপেটা সদৰ থানাৰ নগৰ পৰিদৰ্শক মুনীন্দ্ৰ নাৰায়ণ দাসৰ নেতৃত্বত চলা এক অভিযানত আৰক্ষীয়ে এটা জুৱাৰীক গ্ৰেপ্তাৰ কৰে। বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ সমীপৰ ভেৰাগাঁৱৰ পৰা গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে ৰহিজ উদ্দিন নামৰ জুৱাৰীটোক গ্ৰেপ্তাৰ কৰে।

বৰপেটা আৰক্ষীৰ জালত এটা জুৱাৰী
বৰপেটা আৰক্ষীৰ জালত এটা জুৱাৰী

ধৃত জুৱাৰীটোৰ পৰা এটা মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে। আনহাতে অবৈধ সুৰা ব্যৱসায়ীৰ বিৰুদ্ধেও কঠোৰ স্থিতি গ্ৰহণ কৰিছে বৰপেটা আৰক্ষীয়ে। নিশা বৰপেটাৰ বিভিন্ন ঠাইত অভিযান চলাই বৃহৎ পৰিমাণৰ দেশীয় সুৰা জব্দ কৰে।

লগতে পঢ়ক: উচ্চ ন্যায়ালয়ৰ ৰোষত দেৱলাল গাৰ্লছা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.