ETV Bharat / state

ভাৱনীপুৰত শৈলেন্দ্ৰ নাথৰ হৈ প্ৰচাৰ চলালে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই - ফনীধৰ তালুকদাৰ

ফণীধৰ তালুকদাৰক দালাল, প্ৰতাৰক আখ্যা দি ভৱানীপুৰত উপ-নিৰ্বাচনৰ প্ৰচাৰ চলালে কংগ্ৰেছ নেতা অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷ প্ৰচাৰ কালত তেওঁ কয়, ফণীধৰ তালুকদাৰে ৰাইজৰ আস্থাক অসন্মান কৰিছে ৷ ৰাইজে ইয়াৰ প্ৰত্যুতৰ এইবাৰেই দিব ৷ এগৰাকী দালাল-ভ্ৰষ্টাচাৰী নেতাক কেতিয়াও ভৱানীপুৰ ৰাইজে আস্থাত নলয় বুলি কয় অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷

Apurba Kumar Bhattacharya by election campaign in bhabanipur
ভাৱনীপুৰত শৈলেন্দ্ৰ নাথৰ হৈ প্ৰচাৰ চলালে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই
author img

By

Published : Oct 25, 2021, 8:27 PM IST

বৰপেটা, 25 অক্টোবৰ : শাসকীয় দল বিজেপিৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰক দালাল, প্ৰতাৰক আখ্যা দি ভৱানীপুৰত উপ-নিৰ্বাচনৰ প্ৰচাৰ চলালে কংগ্ৰেছ নেতা অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷ প্ৰচাৰ কালত তেওঁ কয়, ফণীধৰ তালুকদাৰে ৰাইজৰ আস্থাক অসন্মান কৰিছে ৷ ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ এইবাৰেই দিব ৷ এগৰাকী দালাল-ভ্ৰষ্টাচাৰী নেতাক কেতিয়াও ভৱানীপুৰ ৰাইজে আস্থাত নলয় বুলি কয় অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷

ভাৱনীপুৰত শৈলেন্দ্ৰ নাথৰ হৈ প্ৰচাৰ চলালে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই

‘‘পাঁচ মাহ পূৰ্বে যি নিৰ্বাচন হৈছিল তাত এই সমষ্টিত কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ প্ৰাৰ্থীয়েই জয়ী হৈছিল আৰু এই উপ-নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীয়েই জয়ী হোৱাতো খাটাং ৷ পূৰ্বতে গৰু-ছাগলী বেচা-কিনা কৰা দেখিছে কিন্তু আজিৰ সময়ত ৰাজনৈতিক নেতা সকলো যে বেচা-কিনা হয় সেয়া প্ৰমাণিত কৰিলে ফণীধৰ তালুদাৰে ৷’’ ভৱানীপুৰত উপ-নিৰ্বাচনৰ প্ৰচাৰ চলোৱা কালতে এইদৰে মন্তব্য প্ৰকাশ কৰে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷

লগতে পঢ়ক: পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰসংগত কি ক’লে বিশ্বনাথবাসীয়ে...

উল্লেখ্য যে, সোমবাৰে ভৱানীপুৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী শৈলেন্দ্ৰ নাথ দাসৰ হৈ কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷ ইয়াৰ লগতে সমষ্টিটোৰ অন্তৰ্গত কংগ্ৰেছ দলৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়তো উপস্থিত হয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক গৰাকী ৷

প্ৰচাৰ কালতে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীকো তীব্ৰ সমোলচনা কৰি তেওঁ কয়, শ্বহীদৰ ত্যাগৰ মূল্যাংকন কৰিবলৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী অসম গণ পৰিষদৰ জন্মদাতা । তেনে নেতাৰ মুখত নৈতিক অধিকাৰৰ কথা শোভা নাপায় বুলি কংগ্ৰেছ নেতা গৰাকীয়ে মন্তব্য কৰে ৷

লগতে পঢ়ক: মাজুলীত সদৌ অসম ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

ইয়াৰ লগতে, এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ তীব্ৰ ভাষাৰে কটাক্ষ কৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷ তেওঁ কয়, বিজেপিৰ বিজেপিৰ বোকোচাত উঠি ব্যৱসায় চলায় আছে আজমলে । কংগ্ৰেছে ৰাইজৰ সেৱাৰ কথা কয় আৰু আজমলে ব্যৱসায়ৰ কথা কয় ৷

ইফালে, অখিল গগৈক ভণ্ড দেশপ্ৰেমীৰ আখ্যা দি অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই কয়, অখিল গগৈয়ে মিত্ৰতা প্ৰস্তাৱ লৈ কংগ্ৰেছৰ দুৱাৰে দুৱাৰে ফুৰিছিল ৷ সেই একেজন নেতাই আকৌ দিল্লীৰ অসম ভৱনত পীযুষ হাজৰিকাৰ সৈতে চাহৰ মেল পাতে বুলি ৰাইজৰ দলৰ সভাপতি গৰাকীক কটাক্ষ কৰে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷

লগতে পঢ়ক: ৩ কোটি আৰু ইছলামিক ৰাষ্ট্ৰ ভ্ৰমণ : নতুন মোৰ লৈছে ৰৌণক কাণ্ডই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.