ETV Bharat / state

নিজ অধিকাৰৰ স্বাৰ্থত বিটিচিবাসীক ভোট দিবলৈ আহ্বান অনুপ চেতিয়াৰ - বিটিচি নিৰ্বাচন

বাক্সা জিলাৰ শালবাৰীত বুধবাৰে আলফাৰ প্ৰাক্তন সম্পাদক অনুপ চেতিয়াই উপস্থিত হৈ বিটিচি নিৰ্বাচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ লগতে ভৱিষ্যতে ৰাজনীতিলৈ নাহে বুলি স্পষ্টকৈ উল্লেখ কৰে আলফাৰ প্ৰাক্তন সম্পাদকগৰাকীয়ে ৷

anup chetia in baksa
বাক্সাত উপস্থিত অনুপ চেতিয়া
author img

By

Published : Dec 3, 2020, 8:04 AM IST

বৰপেটাৰোড,3 ডিচেম্বৰ : বুধবাৰে বাক্সা জিলাৰ শালবাৰীত উপস্থিত হয় আলফাৰ প্ৰাক্তন সম্পাদক অনুপ চেতিয়া ৷ এগ্ৰিকাল্চাৰ ফাৰ্মাৰ কোম্পানীৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে উপস্থিত হৈ বিটিচি নিৰ্বাচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে প্ৰাক্তন আলফা নেতাগৰাকীয়ে ৷ লগতে গণ সুৰক্ষা পাৰ্টীৰ শালবাৰী সমষ্টিৰ প্ৰাৰ্থী চক্ৰধৰ দাসৰ সৈতেও মত বিনিময় কৰে অনুপ চেতিয়াই ৷

বাক্সাত উপস্থিত অনুপ চেতিয়া

উল্লেখ্য় যে, অনুপ চেতিয়াৰ তিনি সহযোগী তথা কেইদিনমান পূৰ্বে বিপিএফত যোগদান কৰা আলফা নেতা সৈত্যেন কলিতা, জোন দাস আৰু চফিকুল ইছলামক গণ সুৰক্ষা পাৰ্টীলৈ উষ্ম আদৰণি জনায় প্ৰাৰ্থী চক্ৰধৰ দাসে । বিটিচি ৰাইজৰ নিজ নিজ অধিকাৰৰ স্বাৰ্থত ভোটদান কৰি জাতি আৰু ভাষাক সুৰক্ষিত কৰাৰ আহ্বান জনায় আলফাৰ প্ৰাক্তন সম্পাদক অনুপ চেতিয়াই ৷

আনহাতে, শ্বহীদ পৰিয়ালৰ দুৰাৱস্থাৰ কথা উল্লেখ কৰি তেওঁ কয় যে, হাগ্ৰামা মহিলাৰী ক্ষমতাত থকাৰ সময়ত এককালীন 1 লাখকৈ টকা শ্বহীদ পৰিয়ালে লাভ কৰিছিল যদিও প্ৰশাসনীয় শাসন ব্যৱস্থাই মৃত্য়ুৰ প্ৰমাণ পত্ৰ বিচৰাৰ ফলত সেই এককালীন সাহাৰ্য শ্বহীদ পৰিয়ালে লাভ কৰাৰ ক্ষেত্ৰত জটিলতাৰ সৃষ্টি কৰিছে ৷ ভৱিষ্যতে ৰাজনীতিলৈ নাহে বুলি স্পষ্টকৈ উল্লেখ কৰি বিটিচিত খিলঞ্জীয়াৰ অধিকাৰ প্ৰতিষ্ঠা হ’ব পৰাকৈ মাত মাতিব পৰা প্ৰাৰ্থীক ভোটদান কৰিবলৈ আহ্বান জনায় আলফাৰ প্ৰাক্তন সম্পাদক অনুপ চেতিয়াই ৷

লগতে পঢ়ক : য়েছে দৰজে ঠংচিলৈ ২০২০ বৰ্ষৰ "চ্যুকাফা বঁটা" প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.