ETV Bharat / state

সমাজ কল্যাণ বিভাগে কেৰেপ নকৰে শূন্য সহনশীলতা নীতিক

author img

By

Published : May 20, 2019, 7:18 PM IST

উৎকোচ লৈয়ো আদায় নিদিয়ে দৰমহা অথবা বকেয়াৰ ধনঃ প্ৰাপ্য দৰমহা আৰু বকেয়া আদায়ৰ দাবীত চৰকাৰী কাৰ্যালয়ত ধৰ্ণাত বহিবলগীয়া হ'ল অংগনৱাড়ী কৰ্মী ৷

ৰাজ্য চৰকাৰৰ সমাজ কল্যান বিভাগে কেৰেপ নকৰে শূন্য সহনশীলতাৰ নীতিক

বৰপেটা, ২০ মে': শূন্য সহনশীলতাৰ নীতি আওৰোৱা ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ বিপৰীত ছবি ৷ সমাজ কল্যাণ বিভাগৰ অধীনস্থ অংগনৱাড়ী কেন্দ্ৰসমুহত কৰ্মৰত কৰ্মী-সহায়িকাসকলে দৰমহা আৰু বকেয়াৰ দাবীত সোমবাৰে আন্দোলনত নামিবলগীয়া হ'ল বৰপেটাত ৷ ২০০৪ চনৰ পৰা বন্ধ হৈ থকা বকেয়াৰ ধন মোকলাই দিয়া, মাননিৰ ধন প্ৰতি মাহে আদায় দিয়াৰ দাবীত সোমবাৰে বৰপেটাৰ শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ বিৰুদ্ধে ধৰ্ণাত নামিল অংগনৱাড়ী কৰ্মী সহায়িকাসকল ৷ ২০০৪ চনৰ পৰা বন্ধ হৈ থকা বকেয়া আৰু ইনক্ৰিমেন্টৰ ধন মোকলাই দিবলৈ দীৰ্ঘদিন দাবী জনাই আহিছিল অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলে ৷ আনকি বকেয়া আৰু বন্ধ হৈ থকা দৰমহাৰ ধন মোকলাই দিয়াৰ বিনিময়ত প্ৰতিগৰাকী অংগনৱাড়ী কৰ্মী-সহায়িকাই কাৰ্যালয়টোৰ বিষয়া, কৰ্মচাৰীসকলক আদায় দিছিল এহেজাৰকৈ টকা ৷

ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগে কেৰেপ নকৰে শূন্য সহনশীলতাৰ নীতিক

লগতে পঢ়ক: ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ ৰঞ্জিত দাসৰ

পিছে উৎকোচ আদায় দিয়াৰ পিচতো অংগনৱাড়ী কৰ্মী-সহায়িকাসকলে লাভ নকৰিলে প্ৰাপ্য দৰমহা আৰু বকেয়াৰ ধন ৷ অংগনৱাড়ী কৰ্মী-সহায়িকাসকলৰ অভিযোগ শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ ছত্ৰছায়াতে এনেদৰে দৰমহা মোকলাই দিয়াৰ নামত উৎকোচ গ্ৰহণ কৰি আহিছে ৷ আনকি উৎকোচ আদায়ত জড়িত শিশু উন্নয়ন প্ৰকল্পৰ কৰ্মচাৰীয়েও কেমেৰাৰ সন্মুখত দিলে স্বীকাৰোক্তি, প্ৰকল্প বিষয়াজনহে জড়িত এই উৎকোচ আদায়ৰ ঘটনাত ৷ পিছে শূন্য সহনশীলতাৰ নীতি আওৰোৱা ৰাজ্য চৰকাৰখনে চৰকাৰী কাৰ্যালয়ত চলি থকা এনে মুকলি উৎকোচৰ বিৰুদ্ধে ল’বনে কোনো কাৰ্যব্যৱস্থা ৷

sample description
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.