জনীয়া,26 নৱেম্বৰ: সমগ্র ৰাজ্যৰ লগতে বৰপেটাৰ কলগাছিয়াত বৃহস্পতিবাৰে অসম ৰাজ্যিক অংগনবাদী কৰ্মী আৰু সহায়িকা সন্থাৰ সদস্যাসকলে ধৰ্মঘট কাৰ্যসূচী পালন কৰে ৷ কেন্দ্ৰীয় ট্ৰেড ইউনিয়নে জনোৱা দেশজোৰা সাধাৰণ ধৰ্মঘটৰ আহ্বানৰ লগতে 24 ঘণ্টীয়া চকা বন্ধ আৰু চিআইটিইউৰ ধৰ্মঘটৰ সৰ্বাত্মক প্ৰভাৱ কলগাছিয়াত পৰা দেখা যায় । অংগনবাদী কৰ্মী আৰু সহায়িকাসকলক নিয়মীয়া কৰ্মচাৰীৰ স্বীকৃতি দিয়া, মাননিৰ সলনি মজুৰি আদায় দিয়া, অৱসৰকালীন পেঞ্চন আদায় দিয়াৰ দাবীৰ লগতে বিজেপি চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিৰ প্ৰতিবাদত এই ধৰ্মঘট পালন কৰা হয় ৷
লগতে চাওকঃ কলগাছিয়াত টায়াৰ জ্বলাই বিক্ষোভ প্ৰদৰ্শন বন্ধ সমৰ্থকৰ