ETV Bharat / state

ভাৰত-চীন সীমান্তৰ শ্বহীদসকলৰ সন্মানাৰ্থে জনিয়াত কংগ্ৰেছৰ বিশেষ কাৰ্যসূচী

author img

By

Published : Jun 27, 2020, 12:01 AM IST

ভাৰত-চীন সীমান্তত শ্বহীদ হোৱা বীৰ সকলৰ প্ৰতি সন্মান জনাই শুকুৰবাৰে ৰূপসী ব্লক কংগ্ৰেছে এক কাৰ্যসূচী ৰূপায়ন কৰে ৷ এই কাৰ্যসূচীত অনুষ্ঠিত সংবাদমেলযোগে ভাৰতবৰ্ষৰ সুৰক্ষাৰ নামত যাতে কোনো ধৰণৰ আপোচ কৰা নহয় বুলি ভাৰতীয় জাতীয় কংগ্ৰেছৰ তৰফৰ পৰা, কেন্দ্ৰীয় চৰকাৰক সকীয়নি প্ৰদান কৰে ৰূপসী ব্লক কংগ্ৰেছৰ সভাপতি ড৹ ছুৰমান আলীয়ে ৷

an honorific program organised by congress in jania to tribute the martyrs of indo-china border

জনিয়া, 26 জুন: শুকুৰবাৰে ৰূপসী ব্লক কংগ্ৰেছে ভাৰত-চীন সীমান্তত শ্বহীদ হোৱা বীৰ সকলৰ প্ৰতি সন্মান জনাই এক কাৰ্যসূচী ৰূপায়ন কৰে ৷ ভাৰত-চীন সীমান্তত শ্বহীদ হোৱা বীৰ সকলৰ লগত সংগতি ৰাখি এখন সংবাদমেলো সম্বোধন কৰে দলটোৰ সদস্য সকলে ৷ ভাৰত-চীন সীমান্তত সংঘটিত ঘটনাৰ বাবে ৰূপসী ব্লক কংগ্ৰেছৰ সভাপতি ড৹ ছুৰমান আলীয়ে সম্পূৰ্ণভাৱে দেশৰ কেন্দ্ৰীয় চৰকাৰক খনক জগৰীয়া কৰে ৷ কেন্দ্ৰীয় চৰকাৰৰ ভুল নীতিৰ বাবেই এনে ঘটনা সংঘটিত হৈছে বুলি মন্তব্য কৰে সভাপতি গৰাকীয়ে ৷ দেশৰ প্ৰধানমন্ত্ৰীয়ে এনে দুৰ্যোগৰ সময়তো দেশবাসীক ভুলপথে পৰিচালিত কৰি আছে বুলিও উল্লেখ কৰে ৰূপসী ব্লক কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ৷

ভাৰত-চীন সীমান্তৰ শ্বহীদসকলৰ সন্মানাৰ্থে জনিয়াত কংগ্ৰেছৰ বিশেষ কাৰ্যসূচী

দেশৰ আভ্যন্তৰীণ সুৰক্ষাক আওকাণ কৰি চৰকাৰে তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থ পুৰণ আৰু চীনৰ ৰঙা চকুলৈ ভয় কৰি ভাৰতবাসীক তেওঁলোকে মিছা মাতিবলগীয়া হৈছে ৷ যাৰ বাবে চীনা সৈন্যই লাডাখ সীমান্তত প্ৰবেশ কৰি এনে কাৰ্য সংঘটিত কৰে বুলি সংবাদমেলযোগে মন্তব্য কৰে ড৹ ছুৰমান আলীয়ে ৷ ভাৰতবৰ্ষৰ সুৰক্ষাৰ নামত যাতে কোনো ধৰণৰ আপোচ কৰা নহয় বুলিও সভাপতি গৰাকীয়ে, ভাৰতীয় জাতীয় কংগ্ৰেছৰ তৰফৰ পৰা সকীয়নি প্ৰদান কৰে ৷ তেওঁৰ মতে, প্ৰধানমন্ত্ৰী মোডীয়ে ক্ষমতাৰ লোভত এই ক্ষেত্ৰত আপোচ কৰিলেও দেশৰ জনগণ আৰু কংগ্ৰেছ দল দেশ ৰক্ষাৰ্থে ওলাই আহিব ৷

লগতে পঢ়কঃ ৰঙাপৰাত পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে চিপিআই (এম)ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.