ETV Bharat / state

অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ গীতৰ ভিডিঅ' এলবাম উন্মোচন

author img

By

Published : Dec 20, 2020, 12:54 PM IST

শনিবাৰে বৰপেটা প্ৰেছ ক্লাবত অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ গীতৰ ভিডিঅ' এলবাম উন্মোচন কৰা হয় ৷ অম্বিকাগিৰী ৰায়চৌধুৰীৰ জীয়াৰী যুগব্ৰতা ৰায়চৌধুৰীয়ে উন্মোচন কৰে ভিডিঅ' এলবামটি ৷

ambikagiri's video album inauguration
অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ গীতৰ ভিডিঅ' এলবাম উন্মোচন

বৰপেটা, ২০ ডিচেম্বৰ: অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ অপ্ৰকাশিত ৩ টা গীতৰ এটি ভিডিঅ' এলবাম শনিবাৰে বৰপেটা প্ৰেছ ক্লাবত উন্মোচন কৰা হয় ৷ বৰপেটাৰ সংগীতশিল্পী হেমেন দাসৰ পৰিচালনাত গুনীন্দ্ৰ নাথ ওজা, অমেন কুমাৰ বায়ন, গীতাঞ্জলী হাজৰিকা, গীতাঞ্জলী গায়ন, জয়মতী দেৱী আৰু মধুচন্দা বায়নৰ লগতে হেমেন দাসে কন্ঠদান কৰা গীতৰ ভিডিঅ' এলবামটি উন্মোচন কৰে অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ জীয়ৰী যুগব্ৰতা ৰায়চৌধুৰীয়ে ৷

'দেশখন গ'ল কিবা এটা কৰ' বুলি সদায় অসমীয়াক সকিয়াই যোৱা অম্বিকাগিৰীৰ সৃষ্টি সমূহ প্ৰচাৰৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহন কৰা নাই বুলি আক্ষেপ কৰে যুগব্ৰতা ৰায়চৌধুৰীয়ে ৷ আমাৰ খেতি পথাৰ, ব্যৱসায় বানিজ্য অসমীয়াৰ হাতত ৰাখিবলৈ সদায় আহ্বান জনাই যোৱা অম্বিকাগিৰী ৰায়চৌধুৰীৰ আদৰ্শক সাৰোগত কৰিব পাৰিলে অসমৰ আজিৰ অৱস্থা নহ'লহেতেন বুলিও যুগব্ৰতা ৰায়চৌধুৰীয়ে মন্তব্য কৰে ৷

আনহাতে অম্বিকাগিৰী ৰায়চৌধুৰীৰ গীত মাত আৰু সৃষ্টিসমূহ নৱ প্ৰজন্মৰ বাবে সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে উদ্যোগ ল'বলৈ তেওঁ আহ্বান জনায় ৷ এলবাম উন্মোচনী অনুষ্ঠানত বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাস, ৰাষ্ট্ৰীয় কৃতী শিক্ষক বিবেকাৰঞ্জন ৰায়চৌধুৰী, কলাগুৰু বঁটাপ্ৰাপক অক্ষয় কুমাৰ মিশ্ৰ আদিয়ে অংশগ্ৰহন কৰে ৷

লগতে পঢ়ক: তিৱা নিৰ্বাচনৰ ফলাফল : গেৰুৱা দলৰ ব্যাপক জয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.