জনীয়া, 26 জুলাই : জনীয়া সমষ্টিৰ মন্দিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত 83 নং সোণাপুৰ ৰুভি গাঁও পঞ্চায়তৰ ৰুভি গাঁৱত 2020-21 বৰ্ষৰ MGNREGA আঁচনিৰ দ্বাৰা আৱণ্টিত 8 লাখ 92 হাজাৰ 3 শ 3 টকা ব্যয় সাপেক্ষে ৰুভি গাঁৱৰ আব্দুৰ ৰেজ্জাকৰ ঘৰৰ পৰা মোকছেদ আলীৰ ঘৰলৈ পথ নিৰ্মাণৰ কথা আছিল ৷ যদিও নামমাত্ৰ কাম কৰি দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে । পি ডব্লিউ ডি ৰাস্তাৰ পৰা 20/30 মিটাৰ ৰাষ্টাত নামমাত্ৰ মাটি পেলাই অধিকাংশ কাম নকৰাকৈ গুচি যোৱাত যমৰ যাতনা ভূগিবলগা হৈছে স্থানীয় ৰাইজ ।
আনহাতে, ৰুভি গাঁৱৰ আব্দুৰ ৰেজ্জাকৰ ঘৰৰ কাষতে থকা মছজিদৰ সন্মুখত দ ঠাইত মাটি পেলোৱা আৰু গছপুলি ৰোপণৰ বাবদ প্ৰায় দুই লাখ টকা আৱণ্টন দিছিল ৷ কিন্তু কাম নকৰাকৈ সিংহভাগ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে আঞ্চলিক সদস্য হাছান আলীৰ বিৰুদ্ধে । উল্লেখ্য যে, আঞ্চলিক সদস্য হাছান আলীয়ে তেখেতৰ ব্যক্তিগত সুবিধাৰ্থে এই দুয়োটা কামৰ দায়িত্ব আব্দুল গফুৰ নামৰ এজন ব্যক্তিক অৰ্পণ কৰিছিল ৷ গফুৰে কাম নকৰাকৈ সিংহভাগ ধন পকেটত সোমাই লোৱাত ৰাস্তাটো আজিও অৰ্ধনিৰ্মিত হৈ আছে ।
সেয়ে বিভাগীয় তদন্ত দাবী কৰাৰ লগতে শীঘ্ৰে ৰাস্তাটো পুনৰ নিৰ্মান কৰিবলৈ ভূক্তভোগী ৰাইজে দাবী জনাইছে ।
বিগত সময়ছোৱাত MGNREGA ৰ নামত ব্যাপক দুৰ্নীতি হোৱাৰ ঘটনা সংবাদ মাধ্যমত প্ৰচাৰিত হৈছিল ৷ ধেমাজি জিলাৰ জোনাইৰ মুৰ্কংচেলেক খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত বহুকেইখন পঞ্চায়তত MGNREGA আঁচনি ৰূপায়ণত ব্যাপক অনিয়ম সংঘটিত হৈছে । ৰাইজৰ অভিযোগ অনুসৰি, চিলে পঞ্চায়তৰ কবু চাপৰিত MGNREGA আঁচনি ৰূপায়ণৰ নামত লাখ লাখ টকা ৰাজকোষৰ ধন আত্মসাৎ কৰিছে পঞ্চায়ত প্ৰতিনিধিৰ লগতে একাংশ ঠিকাদাৰে ৷
লগতে পঢ়ক: অসমৰ ভূমিত নগাই কৰিছে MGNREGA আঁচনিৰ কাম