ETV Bharat / state

চতুৰ্দশ বিত্তীয় আয়োগৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

চতুৰ্দশ বিত্তীয় আয়োগৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ । এজাক বৰষুণতে ভাঙি পৰিল নিৰ্মীয়মান নলা । ব্যাপক দুৰ্নীতিৰে নিম্নমানৰ কাম কৰাৰ অভিযোগ ৰাইজৰ ।

Panchayat Corruption
চতুৰ্দশ বিত্তীয় আয়োগৰ কামত ব্যাপক দুৰ্নীতি
author img

By

Published : Apr 10, 2021, 10:13 AM IST

জনীয়া,10 এপ্ৰিল: বৰপেটা জিলাৰ ৰূপসী উন্নয়ন খণ্ডৰ ওচৰতে তথা ৫৫ নং কলগাছিয়া গাঁও পঞ্চায়তৰ কলগাছিয়া বজাৰৰ পৰা আৰক্ষী থানালৈকে যোৱা পথৰ সমীপত নিৰ্মাণ কৰা হৈছে এটা নলা ৷ চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত ১০ লাখ টকা ব্যয় সাপেক্ষে নলাটো নিৰ্মাণ কৰা হয় ৷ কিন্তু নৱ নিৰ্মিত নলাটো এজাক বৰষুণতে ভাঙি পৰাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷

ব্যাপক দুৰ্নীতিৰে নিম্নমানৰ কাম কৰাৰ অভিযোগ ৰাইজৰ ৷ সভাপতি ৰফিক ভূঞা আৰু পঞ্চায়ত সদস্যা জেৰিফাৰ বিৰুদ্ধে এই অভিযোগ সম্প্ৰতি উত্থাপন কৰে ৰাইজে । কিন্তু ৰফিক ভূঞাই জনোৱা মতে, এই কামৰ সৈতে জড়িত আছিল ইউজাৰ কমিটিৰ সভাপতি ৰৌশন আলী আৰু পঞ্চায়ত সদস্যা গৰাকী ৷

চতুৰ্দশ বিত্তীয় আয়োগৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

আনহাতে, পঞ্চায়ত সদস্যাগৰাকীয়েও সভাপতি ভূঞাৰ বিৰুদ্ধে আনিছে অভিযোগ । পঞ্চায়ত সদস্যাগৰাকীৰ উত্থাপিত অভিযোগ নসাৎ কৰে সভাপতি ভূঞাই ৷ লগতে পঞ্চায়তৰ সন্মুখত নিৰ্মাণ কৰা নলাটো দ’ নকৰাৰ বাবেই পানী উলটি গৈ ভাঙি পৰা বুলি প্ৰকাশ কৰে ৷ নলাৰ বাবে গাঁত খান্দি উলিওৱা ১২৯ ট্ৰেক্টৰ মাটি লৈ যোৱাৰ বাবেই নলাটো ভাঙি পৰা বুলি দাবী কৰে পঞ্চায়ত সদস্যা জেৰিফাই । উল্লেখ্য যে, অভিযোগ-প্ৰতি অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় ৰাইজে তদন্তৰ জৰিয়তে বিষয়টো মীমাংসা কৰি দোষীক শাস্তি বিহিবলৈ প্ৰশাসনক অনুৰোধ জনাইছে ৷

লগতে পঢ়ক: তেজপুৰত আটক দুৰ্ধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.