ETV Bharat / state

পাঠশালাত বগা হাতীত পৰিণত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনি

author img

By

Published : Jul 15, 2021, 9:58 PM IST

পাঠশালাৰ বাঘমাৰা খোৱাপানী আঁচনি (Drinking Water Scheme)ৰ কামত অনিয়মৰ অভিযোগ ৷ ঠিকাদাৰ আৰু অভিযন্তাই মিলি আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷ আজি পৰ্যন্ত সম্পূৰ্ণ নহ’ল খোৱাপানীৰ আঁচনিৰ কাম ৷

pathsala public health engineering department corruption
পাঠশালাত জনস্বাস্থ্য কাৰিকৰী বিভাগত দুৰ্নীতি

পাঠশালা,15 জুলাই : ৰাজ্যিক মন্ত্ৰী তথা পাটাছাৰকুছি বিধানসভা সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাস (Ranjeet Kumar Das)ৰ সমষ্টিত বগা হাতীত পৰিণত হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগ (Public Health Engineering Department)ৰ কোটিটকীয়া আঁচনিৰ কাম ৷ বাঘমাৰা খোৱাপানী আঁচনি (Drinking Water Scheme)ৰ কামত উত্থাপন হৈছে ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷ বছৰ বছৰ ধৰি নিৰ্মীয়মান অৱস্থাত থকা খোৱাপানী আঁচনিৰ মেৰামতি নামত ঠিকাদাৰ আৰু অভিযন্তাই মিলি আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷ ৰাইজৰ অভিযোগ অনুসৰি, বিশুদ্ধ পানী যোগানৰ বাবে মাটিৰ তলত পুতি থোৱা পাইপ লাইনৰ লগতে গৃহ আৰু চাৰিওকাষৰ পকী বেৰ নিৰ্মাণত অনিয়ম সংঘটিত হৈছে ৷

উল্লেখ্য যে, বিগত বহু বছৰ ধৰি নিৰ্মাণ হৈয়েই আছে পানী যোগান আঁচনিৰ কাম ৷ কিন্তু আজিলৈকে সম্পূৰ্ণ নহ’ল উক্ত খোৱাপানীৰ আঁচনিখনৰ কাম । ফলত আঁচনিৰ নামত নিৰ্মাণ কৰা ঘৰ-দুৱাৰ আৰু বেৰবোৰো ফাঁট মেলা পৰিলক্ষিত হৈছে । দীৰ্ঘদিন ধৰি কৰা ৰাইজৰ আবেদনৰ পাচত বিভাগীয় ফালৰ পৰা আঁচনিখনৰ বাবে প্ৰায় ডেৰ কোটি টকাৰ আৱণ্টন দিয়ে চৰকাৰে । উক্ত টকাৰে ঠিকাদাৰ আৰু অভিযন্তাই মিলি নিয়ম বহিৰ্ভূত কাম কৰিছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে ।

বিভাগীয় নিয়ম অনুসৰি, আঁচনিখনৰ পানী যোগান দিয়া পাইপ লাইনবোৰ মাটিৰ 3-4 ফুট তলেৰে ল’ব লাগে । কিন্তু ঠিকাদাৰে সেয়া নকৰি মাটিৰ 6 ইঞ্চি তথা 1 ফুট তলেৰে নি পাইপসমূহ পুতি আছে ।

ইয়াৰ ফলস্বৰূপে নিয়মৰ বহিৰ্ভূতভাৱে কাম কৰাৰ বাবে ইমানদিনে বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ আছে ৰাইজ । চাৰিওকাষৰ পকী বেৰসমূহৰ গাঁঠি প্ৰায় 7-8 দিন পানী দিব লাগে যদিও তাকে নকৰি নৱ নিৰ্মিত বেৰত উঠি ৰঙৰ প্ৰলেপ দিয়া ঘটনাই হতচকিত কৰি তুলিছে সাধাৰণ ৰাইজক । খালী মাটিত কোনো চলিং নকৰাকৈ কেৱল এফ্ৰ’ন গাঁঠি দিয়া ঠিকাদাৰ-অভিযন্তাৰ বিভিন্ন অনিয়মক লৈ জাঙুৰ খাই উঠিছে গাঁৱৰ ৰাইজ । ভালুকৰ সাঙীত পৰিণত হোৱা এই বৃহৎ প্ৰকল্পটোৰ ওপৰত বিভাগীয় মন্ত্ৰী তথা বিধায়ক দাসে কি ব্যৱস্থা ল’ব, সেয়া সময়তহে লক্ষ্যণীয় হ’ব ৷

লগতে পঢ়ক : বঙাইগাঁৱত আৰক্ষীৰ জালত ২ তেল চোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.