ETV Bharat / state

প্ৰধান শিক্ষকে আত্মসাৎ কৰিলে মধ্যাহ্ন ভোজনৰ সামগ্ৰী !

মধ্যাহ্ন ভোজনৰ নামত কলগাছিয়াৰ এখন মাদ্ৰাছাত ব্যাপক দুৰ্নীতিৰ অভিযোগ (Allegations of corruption in midday meal) ৷ প্ৰধান শিক্ষক আবু বক্কাৰ ছিদ্দিকৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ৷ প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে আছে অনিয়মীয়া উপস্থিতিৰ অভিযোগ ৷

কলগাছিয়াৰ এখন মাদ্ৰাছাৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Dec 20, 2021, 11:07 AM IST

জনীয়া, 20 ডিচেম্বৰ : যি সময়ত চৰকাৰে শিশুসকলৰ মধ্যাহ্ন ভোজনৰ বাবে অভিলাসী আঁচনি মুকলি কৰিছে, বিদ্যালয়ে বিদ্যালয়ে শিশুসকলক আহাৰ বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে, তেনেক্ষেত্ৰত একাংশই সুবিধা গ্ৰহণ কৰিছে চৰকাৰী আঁচনিৰ ৷ কলগাছিয়াৰ অধিকাংশ চৰকাৰী বিদ্যালয়তে সংঘটিত হৈছে এই দুৰ্নীতি ৷

প্ৰাপ্ত তথ্য অনুসৰি, বৰপেটাৰ মন্দিয়া প্রাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত সোণাপুৰ হাজী কৈফত আলী এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক আবু বক্কাৰ ছিদ্দিকে বিগত সময়ত মধ্যহ্ন ভোজনৰ সামগ্ৰী বিতৰণৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰি আহিছে ৷ এই অভিযোগ উত্থাপন কৰিছে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে ৷

কলগাছিয়াৰ এখন মাদ্ৰাছাৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

অভিযোগ অনুসৰি, মাদ্ৰাছাখনৰ প্ৰধান শিক্ষকগৰাকীয়ে লক ডাউনৰ পিছৰে পৰা মধ্যাহ্ন ভোজনৰ সামগ্ৰী বিতৰণৰ ক্ষেত্ৰত এই খেলি-মেলি সংঘটিত কৰি আহিছে ৷ অৰ্থাৎ লক ডাউনৰ পিছত যেতিয়া বিদ্যালয় খোলে, তাৰে পৰা আৰম্ভ কৰি পৰৱৰ্তী তিনিমাহলৈকে এই খেলি-মেলি সংঘটিত হৈ অহা বুলি অভিযোগ উত্থাপিত হৈছে ৷

কেৱল এয়াই নহয়, বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে উঠিছে অনিয়মীয়া উপস্থিতিৰ অভিযোগ ৷ কোনো নীতি-নিয়ম নামানি মাথো নিজস্ব মইমতালিৰে বিদ্যালয়ত উপস্থিত হয় আবু বক্কাৰ ছিদ্দিকে ৷ এই কথা সদৰী কৰিছে বিদ্যালয় কৰ্তৃপক্ষই ৷ এনে পৰিপ্ৰেক্ষিতত প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে শীঘ্ৰে উচ্চস্তৰীয় তদন্তৰ জৰিয়তে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে ৷

লগতে পঢ়ক : বৰপেটাৰ এখন মাদ্ৰাছাৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.