ETV Bharat / state

Jal Jeevan Mission in Kalgachia : জল জীৱন মিছনৰ নামত কলগাছিয়াত বিয়াগোম দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Mar 1, 2023, 2:17 PM IST

কলগাছিয়াৰ বালিকুৰিত জল জীৱন মিছনৰ নামত বিয়াগোম দুৰ্নীতিৰ অভিযোগ (Scam in Jal jeevan mission at Barpeta) । অতি নিম্নমানৰ বালি আৰু ম্যাদ উকলি যোৱা চিমেণ্ট ব্যৱহাৰ কৰি ঠিকাদাৰ ৰফিকুল ইছলামে লুণ্ঠন চলাই যোৱাৰ অভিযোগ । ৰাইজৰ লগতে দল সংগঠনৰ তীব্র প্ৰতিক্ৰিয়া । অতি শীঘ্ৰেই কাম বন্ধ কৰাৰ দাবী ।

Scam in Jal jeevan mission at Barpeta
জল জীৱন মিছনৰ নামত দুৰ্নীতি
জল জীৱন মিছনৰ নামত দুৰ্নীতি

বৰপেটা, 1 মাৰ্চ : ঘৰে ঘৰে বিশুদ্ধ পানী যোগানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিছে জলজীৱন মিছন (Jal Jeevan Mission Assam) । কিন্তু সম্প্ৰতি আচঁনি ৰূপায়ণৰ পূৰ্বে আঁচনিখনৰ নামত বিয়াগোম কেলেংকাৰী সংঘটিত হোৱাৰ ছবিখনহে পোহৰলৈ আহিছে ৷ কলগাছিয়াৰ বালিকুৰিত জল জীৱন মিছন আঁচনিৰ নামত চলিছে বিয়াগোম দুৰ্নীতি আৰু অনিয়ম (Scam in Jal Jeevan mission in Assam)। এই অভিযোগ স্থানীয় ৰাইজৰ ৷

ঠিকাদাৰ ৰফিকুল ইছলামৰ ছত্ৰছায়াত আচঁনিৰ কামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । বিশুদ্ধ খোৱাপানীৰ সমস্যাৰ পৰা গ্ৰামাঞ্চলৰ ৰাইজক পৰিত্ৰাণ দিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই অভিলাষী আচঁনিখন । চৰকাৰে গ্ৰামাঞ্চলৰ প্ৰতিটো পৰিয়ালৰ বাবে ব্যৱস্থা কৰিছে সুকীয়া পানীৰ টেপৰ । ইফালে বালিকুৰিবাসী ৰাইজৰ অভিযোগ, এই আঁচনি ৰূপায়ণত সংঘটিত হৈছে বৃহৎ অনিয়ম (Jal Jeevan Mission in Kolgachia)।

চৰকাৰে ২০২৪ চনৰ ভিতৰত ৰাজ্যৰ গ্ৰামাঞ্চলৰ প্ৰতিটো পৰিয়ালৰ গৃহত একোটাকৈ কাৰ্যক্ষম পানীৰ টেপ সংযোগ কৰাৰ পৰিকল্পনা যুগুত কৰিছে । চৰকাৰৰ এই পৰিকল্পনাৰ পিচতেই ৰাজ্যখনৰ বিভিন্ন ঠাইৰ ৰাইজে বিশুদ্ধ খোৱাপানীৰ অভাৱ দূৰ হ'ব বুলি আশা কৰিছিল যদিও আঁচনিখন ৰাজ্যত ৰূপায়ণ হোৱাৰ পূৰ্বেই বিয়াগোম অনিয়ম, দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে (Scam in Jal jeevan mission at Barpeta) ।

Scam in Jal jeevan mission at Barpeta
জল জীৱন মিছনৰ নামত দুৰ্নীতি

বৰপেটা জিলাৰ কলগাছিয়াৰ বালিকুৰিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈ থকা জলজীৱন আঁচনিত অতি নিম্ন মানদণ্ডৰ বালি, ম্যাদ উকলা চিমেণ্ট, ৮ এম এম আৰু ১০ এম এম ৰ’ড ব্যৱহাৰ কৰা হৈছে বুলি অভিযোগ তুলিছে স্থানীয় ৰাইজে । তদুপৰি, নাম ফলকবিহীনভাৱে আঁচনিৰ কাম আৰম্ভ কৰাত ৰাইজে সন্দেহ প্ৰকাশ কৰিছে । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বৰপেটা উপ-সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ চকুৰ সন্মুখতে জলজীৱনৰ নামত ঠিকাদাৰ ৰফিকুল ইছলামে চলাইছে ব্যাপক দুৰ্নীতি (Public grievances against Contractor at Barpeta) ।

Scam in Jal jeevan mission at Barpeta
জল জীৱন মিছনৰ নামত দুৰ্নীতি

নিৰ্মাণ কাৰ্যত অতি কম মানদণ্ডৰ নিৰ্মাণ সামগ্ৰী ব্যৱহাৰ কৰি ঠিকাদাৰ আৰু অভিযন্তাই কোটি কোটি ৰাজকোষৰ ধন আত্মসাৎ কৰাৰ কাৰ্যত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । সেয়ে অতি শীঘ্ৰেই উক্ত বিষয়টো বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা তদন্ত কৰা লগতে দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী তথা ঠিকাদাৰৰ বিৰুদ্ধে উচিত শাস্তিৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷

দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীল চৰকাৰখনে সংশ্লিষ্ট বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ এনে অনিয়মৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয় বিষয় ।

লগতে পঢ়ক : AAP on Electricity tariff hike: মন্দাৰ সময়তো পুঁজিপতিক ২০ কোটি টকাৰ বিদ্যুৎ মাচুল ৰেহাই APDCL ৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.