ETV Bharat / state

Corrupt headmaster in Kalgachia: প্ৰধান শিক্ষক বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Aug 9, 2023, 5:50 PM IST

চান্দপুৰ প্ৰাথমিক বিদ্যালয়ৰ দুৰ্নীতিবাজ প্ৰধান শিক্ষকৰ নাভূত নাশ্ৰুত কাণ্ড। গেটত তলা লগাই বিদ্যালয়ত প্ৰবেশত বাধা প্ৰদান সাংবাদিকক। বিদ্যালয় বন্ধৰ সুযোগত মধ্যাহ্ন ভোজনৰ চাউল কলা বজাৰত বিক্ৰিৰ অভিযোগ প্ৰধান শিক্ষক আবুল কালাম আজাদৰ বিৰুদ্ধে। দুৰ্নীতিৰ তদন্তৰ দাবী ৰাইজৰ।

Allegations of corruption against headmaster in Kalgachia
প্ৰধান শিক্ষক বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

প্ৰধান শিক্ষক বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

জনিয়া,৯ আগষ্ট: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে মধ্যাহ্ন ভোজন তথা বিভিন্ন শিতানত কৰি অহা দুৰ্নীতিৰ খবৰে সংবাদ শিৰোনাম দখল কৰি আহিছে যদিও এতিয়াও একাংশ প্ৰধান শিক্ষকৰ এতিয়াও গা-লৰা নাই । বহু সময়ত মধ্যাহ্ন ভোজনৰ চাউল বিক্ৰী কৰি ৰঙাঘৰৰ আলহী হৈছে দুৰ্নীতিগ্ৰস্ত প্ৰধান শিক্ষক । এইবাৰ পোহৰলৈ আহিছে মন্দিয়া শিক্ষাখণ্ডৰ এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দুৰ্নীতিৰ তথ্য ।

মন্দিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত চান্দপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আবুল কালাম আজাদৰ আজব কাণ্ড । গৰমৰ বন্ধৰ সুযোগ গ্ৰহণ কৰি বিদ্যালয়ত মজুত থকা ১৭ বস্তা মধ্যাহ্ন ভোজনৰ চাউল গোপনে ক'লা বজাৰত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । তদুপৰি বিদ্যালয়ৰ শ্ৰেণীকোঠা নিৰ্মাণ আৰু শৌচাগাৰ নিৰ্মাণৰ নামতো সংঘটিত কৰিছে বিয়াগোম দুৰ্নীতি । বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য আৰু সভাপতিক কেৰেপ নকৰি নিজা ময়মতালিৰে চলায় বিদ্যালয় । পৰিচালনা সমিতিক কোনো হিচাপ নিদিয়ে দুৰ্নীতিগ্ৰস্ত প্ৰধান শিক্ষকগৰাকীয়ে ।

লগতে পঢ়ক: Margadarshi cases: মাৰ্গদৰ্শী চিট ফাণ্ড গোচৰৰ শুনানি স্থগিত

আনকি অভিভাৱক ৰাইজে বিদ্যালয়ৰ খবৰ ল'বলৈ আহিলে গেটত তলা লগাই দুৰ্ব্যৱহাৰ কৰাৰ লগতে ভিতৰত প্ৰৱেশ কৰিবলৈ নিদিয়ে প্ৰধান শিক্ষক আবুল কালাম আজাদে । ফলত বুধবাৰে একাংশ ৰাইজে বিদ্যালয়ৰ খবৰ লবলৈ উপস্থিত হয় যদিও প্ৰধান শিক্ষকজনে গেট বন্ধ কৰি প্ৰৱেশ নিষিদ্ধ কৰে । সাংবাদিকৰ দলে ভিতৰত প্ৰৱেশ কৰিব বিচাৰে যদিও গেট খুলি নিদিয়ে দুৰ্নীতিগ্ৰস্ত শিক্ষক আবুল কালাম আজাদে । পিছে ৰাইজৰ এই অভিযোগক বিভাগীয় কৰ্তৃপক্ষই কিদৰে গুৰুত্ব দিয়ে সেয়া অভিভাৱকসকলৰ বাবে এক ডাঙৰ প্ৰশ্ন । নে এনেকৈয়ে দুৰ্নীতিৰে প্ৰধান শিক্ষকগৰাকীয়ে চলাই নিব বিদ্যালয়ৰ কাম-কাজ ।

লগতে পঢ়ক: Oil Palm Tree Plantation: অসমত কিয় প্ৰয়োজন তৈল খেজুৰৰ খেতি,আপ নেতাৰ প্ৰশ্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.