ETV Bharat / state

হিতাধিকাৰীৰ মৃত্যুৰ পিছত আঁচনিৰ ধন উলিয়ালে দুষ্ট চক্ৰই

author img

By

Published : Sep 20, 2022, 1:32 PM IST

কাদং পঞ্চায়তত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ নামত ব্যাপক দূৰ্নীতিৰ অভিযোগ (Scam in PMAY at Barpeta)। হিতাধিকাৰীৰ মৃত্যুৰ পিছত ঘৰৰ নামত অহা সমূদায় ধন উলিয়াই নিয়াৰ অভিযোগ । পিছে কোনে উঠাই নিলে মৃত হিতাধিকাৰীৰ নামত অহা ধন ? তদন্তৰ দাবী পৰিয়ালৰ লোকৰ ।

Scam in PMYJ at Barpeta
হিতাধিকাৰীৰ মৃত্যুৰ পিছত ধন উলিয়ালে দুষ্ট চক্ৰই

জনীয়া, ২০ ছেপ্টেম্বৰ: বৰপেটা জিলাৰ মন্দিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত(Scam in Mandiya Development Block) ৭৯ নং কাদং গাঁও পঞ্চায়তত হিতাধিকাৰীৰ মৃত্যুৰ পিছত ঘৰৰ নামত অহা সমূদায় ধন দুষ্ট চক্ৰই উলিয়াই নিয়াৰ অভিযোগ উত্থাপিত হৈছে । কাদং গাঁও পঞ্চায়তৰ (Scam in Kadong Gaon Panchayat) অন্তৰ্গত কাদং গাঁৱৰ জাহিদুল ইছলামৰ একাউণ্টত জমা হোৱা ধন কোনে উলিয়াই নিলে তাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

উল্লেখ্য় যে, কাদং গাঁৱৰ জাহিদুল ইছলামৰ নাম প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ (Pradhan Mantri Awas Yojana at Kadong Gaon) গৃহৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল । সেই হিচাপে হিতাধিকাৰীৰ একাউণ্টত প্ৰথম কিস্তিৰ টকাও সোমাইছিল । কিন্তু প্ৰথম কিস্তিৰ টকা সমোৱাৰ কেইদিনমান পিছতেই জাহিদুলৰ মৃত্যু হয় । অৱশ্য়ে হিতাধিকাৰীজনে মৃত্যুৰ এদিন পূৰ্বে তেওঁৰ একাউন্টৰ পৰা ১০ হেজাৰ টকা উঠাইছিল বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে ।

কিন্তু লক্ষ্যনীয় বিষয় যে, হিতাধিকাৰীজনৰ মৃত্যুৰ পিছত ঘৰ নিৰ্মাণ নকৰাকৈ সমূদায় ধন উঠাই নিয়াৰ অভিযোগ উত্থাপন কৰিছে আত্মীয় আৰু ৰাইজে ।

হিতাধিকাৰীজনৰ মৃত্যুৰ পিছত কোনে ঘৰ সম্পূৰ্ণ হোৱা দেখুৱাই সম্পূৰ্ণ ধন উঠাই নিলে তাকলৈ প্ৰশ্ন উত্থাপন কৰিছে হিতাধিকাৰীৰ আত্মীয়ই । হিতাধিকাৰীৰ একাউণ্টত প্ৰথম কিস্তিৰ ধন সমোৱাৰ পিছতেই হিতাধিকাৰীৰ মৃত্যু হয় যদিও পৰৱৰ্তী সময়ত কোনে হিতাধিকাৰীৰ নামত থকা ধন উলিয়াই নিলে সেই বিষয়ত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই উচিত তদন্তৰ জৰিয়তে দোষীক উচিত শাস্তি প্ৰদানৰ দাবী জনায় আত্মীয়ৰ লগতে স্থানীয় ৰাইজে ।

লগতে পঢ়ক:জনজাতিকৰণৰ দাবীত ডুমডুমাত মৰাণ ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.