ETV Bharat / state

Assam Police Constable Recruitment : কনিষ্টবলৰ নিযুক্তিক লৈ ব্যাপক অনিয়মৰ অভিযোগ

author img

By

Published : Jan 21, 2022, 10:34 AM IST

কলগাছিয়াত ৰাজ্য চৰকাৰৰ বিৰূদ্ধে প্ৰতিবাদত বহিল অসম আৰক্ষীৰ পদৰ প্ৰাৰ্থী (Candidates protest at Kalgachia) ৷ সাক্ষাৎকাৰৰ ক্ষেত্ৰত চৰকাৰে ব্যাপক অনিয়ম কৰাৰ অভিযোগ উত্থাপন কৰিলে প্ৰাৰ্থীসকলে ৷

protest-of-police-post-candidates-at-kalgachia
অসম আৰক্ষীৰ কনিষ্টবল পদক লৈ ব্যাপক অনিয়ম

জনিয়া, 21 জানুৱাৰী : ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি আছিল এক লাখ নিবনুৱাক চাকৰিত নিযুক্তিৰ (One lakh jobs assurance by Assam Government))৷ পিছে বৃহস্পতিবাৰে অসম আৰক্ষীৰ সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱা একাংশ নিবনুৱা যুৱক-যুৱতীয়ে কলগাছিয়াত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত বহিল ৷ চৰকাৰৰ অনিয়মৰ বলি হোৱাৰ প্ৰতিবাদত কলগাছিয়া নৱজ্যোতি মহাবিদ্যালয় চৌহদত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিলে প্ৰাৰ্থীসকলে ৷

উল্লেখ্য যে, ২০১৮-১৯ বৰ্ষত অসম আৰক্ষীৰ কনিষ্টবল পদৰ বাবে ৰাজ্যৰ জিলা সমূহৰ পৰা ৬,৬৬২ টা পদৰ আবেদন বিচৰা হৈছিল (Assam Police constable Recruitment) । ইয়াৰে বৰপেটাৰ পৰা অসম আৰক্ষীৰ AB আৰু UB কনিষ্টবল পদত 294 জনে নিযুক্তি পায় ৷ প্ৰতিবাদকাৰীসকলে এগৰাকী পৰীক্ষাৰ্থীয়ে দুবাৰকৈ সাক্ষাৎকাৰত বহা বুলিও অভিযোগ উত্থাপন কৰে ৷

যিসময়ত অন্য জিলাত একোটা পদৰ বিপৰীতে 5 জন প্ৰাৰ্থীক দ্বিতীয় সাক্ষাৎকাৰলৈ মাতিছে, তেনেক্ষেত্ৰত জনিয়াত কি কাৰণত এটা পদৰ বিপৰীতে মাথো দুজনকহে সাক্ষাৎকাৰলৈ মাতিছে তাকে লৈ অঞ্চলটোৰ প্ৰাৰ্থীসকল ক্ষোভিত হৈ পৰে ৷

যাৰফলত অসম চৰকাৰ হায় হায় ধ্বনিৰে উত্তাল হৈ পৰে কলগাছিয়াৰ নৱজ্যোতি মহাবিদ্যালয়ৰ চৌহদ ৷ ইয়াৰোপৰি প্ৰতিবাদ কাৰীসকলে 2019-20 বৰ্ষৰ কনিষ্টবল পদত নিযুক্তি পৃথকে পৃথকে অনুষ্ঠিত কৰাৰ আহ্বান জনায় । নহ'লে অনাগত দিনত ভয়ংকৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ক্ষোভিত প্ৰাৰ্থীসকলে ।

লগতে পঢ়ক : Massive fire at Digboi Oil field : ডিগবৈৰ অইল ফিল্ডত ভয়াৱহ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.