ETV Bharat / state

Corruption in flood relief distribution: জনিয়াত বান সাহাৰ্যৰ পৰা বঞ্চিত বহু লোক - বৰপেটা জিলাৰ জনিয়া সমষ্টি তথা বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গোবিন্দপুৰ

ৰাজ্যত বান শুকাইছে যদিও গৰাখহনীয়াত ঘৰ-বাৰী উটি যোৱা বহু নৈপৰীয়া ৰাইজ চৰকাৰী সাহাৰ্যৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ ৷ বৰপেটা জিলাৰ জনিয়া সমষ্টি তথা বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গোবিন্দপুৰত বানত ক্ষতি হোৱা লোকক ক্ষতিপূৰণ দিয়াত ব্যাপক অনিয়ম সংঘটিত হৈছে ৷

Allegation of corruption in distribution of flood relief in Jania
জনিয়াত বান সাহাৰ্যৰ পৰা বঞ্চিত বহু লোক
author img

By

Published : Jul 21, 2022, 1:55 PM IST

জনিয়া, 21 জুলাই: বছৰটোৰ দ্বিতীয়টো বানে বাৰুকৈ ক্ষতিগ্ৰস্থ কৰিছে ৰাজ্যবাসীক ৷ বহুলোকৰ ঘৰ-বাৰী, শস্য-পথাৰ ক্ষতি হোৱাৰ লগতে মৃত্যু হৈছে বহুলোকৰ (Flood in Assam 2022)৷ উল্লেখনীয় যে বানত আটাইতকৈ বেছি ক্ষতিগ্ৰস্থ হৈছে নৈপৰীয়া ৰাইজ ৷ বৰ্তমান ৰাজ্যত বান শুকাইছে যদিও গৰাখহনীয়াত ঘৰ-বাৰী উটি যোৱা বহু নৈপৰীয়া ৰাইজ চৰকাৰী সাহাৰ্যৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উঠিছে ৷

জনিয়াত বান সাহাৰ্যৰ পৰা বঞ্চিত বহু লোক

শেহতীয়াকৈ, বৰপেটা জিলাৰ জনিয়া সমষ্টি তথা বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গোবিন্দপুৰ বানত ক্ষতি হোৱা লোকক ক্ষতিপূৰণ দিয়াত সংঘটিত হৈছে ব্যাপক অনিয়ম ৷ বান ক্ষতিগ্ৰস্ত লোকক বঞ্চিত কৰি বানত ক্ষতি নোহোৱা লোকক ক্ষতিপূৰণ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে গোবিন্দপুৰৰ লাটমণ্ডল আব্দুছ ছামাদ আৰু গাঁওবুঢ়া জাহাংগীৰ আলমৰ বিৰুদ্ধে ।

গাঁওবাসীৰ অভিযোগ মতে, বানত গোবিন্দপুৰৰ ছাইদুল ইছলাম, মোগৰম আলী, আব্বেছ আলী আৰু ছানোৱাৰ হুছেইনৰ ঘৰবাৰী ভেলেঙী নৈৰ গৰাখহনীয়াত জাহ যোৱাৰ লগতে শ্বহিদা খাতুন আৰু আকবৰ আলীৰ ঘৰ বানৰ কৱলত পৰি আংশিকভাৱে ক্ষতি হয় । সেই হিচাপে লাটমণ্ডল আব্দুছ ছামাদ আৰু গাঁওবুঢ়া জাহাংগীৰ আলমে ক্ষেত্ৰভিত্তিক পৰ্যবেক্ষণো কৰিছিল । পিছে কাৰ্যতহে পৰিণত ন’হল এই ক্ষেত্ৰভিত্তিক পৰ্যবেক্ষণ ৷

ৰহস্যজনক ভাৱে গাঁওবুঢ়া জাহাংগীৰ আলমে ভূক্তভোগী ছাইদুল ইছলাম, শ্বহিদা খাতুন আৰু আকবৰ আলীক বঞ্চিত কৰাৰ বিপৰীতে বানত ক্ষতিগ্ৰস্ত নোহোৱা আনোৱাৰ হুছেইন নামৰ এজনৰ প্ৰমাণপত্ৰ দি তালিকাভূক্ত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভূক্তভোগীয়ে ।

ইয়াৰোপৰিও গাঁওবুঢ়া আৰু লাটমণ্ডলে ক্ষেত্ৰভিত্তিক পৰ্যবেক্ষণ কৰিবলৈ যোৱাৰ সময়ত ভূক্তভোগী পৰিয়ালৰ পৰা ৩০০-৫০০ টকাকৈ সংগ্ৰহ কৰাৰো অভিযোগ উত্থাপন কৰে ভূক্তভোগী পৰিয়ালে । এইক্ষেত্ৰত লাটমণ্ডল আব্দুছ ছামাদ আৰু গাঁওবুঢ়া জাহাংগীৰ আলমৰ বিৰুদ্ধে বিহীত ব্যাৱস্থা গ্ৰহণ কৰি বঞ্চিত লোকক ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰে নৈপৰীয়া ৰাইজৰ।

লগতে পঢ়ক: Pradyut Bordoloi on flood relief: এন ডি আৰ এফ শিতানত চাৰি বছৰত অসমে পালে মাত্র ৪৪.৩৭ কোটি টকা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.