জনীয়া,23 ডিচেম্বৰ : বৰপেটা জিলাৰ সৰভোগত মঙলবাৰে বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ভাৰত ছাত্ৰ ফেডাৰেশ্যন আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনে । ৰাজ্যৰ বিভিন্ন খালী হৈ থকা পদ পূৰণ, দুৰ্নীতিমুক্তভাৱে নিযুক্তি, 6 হাজাৰ টকা নিবনুৱা ভাট্টা প্ৰদান কৰা, অসমীয়া যুৱক-যুৱতীক চাকৰিত নিযুক্তি দিয়া, উদ্যোগসমূহ পুনৰুজ্জীৱিত কৰা, স্বয়ং আঁচনি ৰূপায়ন কৰা আদিৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন দুটাই ৷
সৰভোগৰ গান্ধী ভৱনৰ পৰা প্ৰায় 5 কিলোমিটাৰ পথ অতিক্ৰম কৰি 5 শতাধিকৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । প্ৰতিবাদযোগে বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ছাত্ৰ-ছাত্ৰীসকলে ।
লগতে পঢ়ক : বিতৰ্কত জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰঃ ৰাইজে দাহ কৰিলে প্ৰতিকৃতি