ETV Bharat / state

বাঙালী জাতি আৰু ভাষাৰ নামত ৰাজনৈতিক দলক সমৰ্থন নকৰে বাঙালী ঐক্য মঞ্চই

author img

By

Published : Sep 29, 2020, 10:11 AM IST

সোমবাৰে সদৌ অসম বাঙালী ঐক্য মঞ্চই বৰপেটাৰোডত এক সংবাদমেল অনুষ্ঠিত কৰে ৷ সদৌ অসম বঙালী ঐক্য মঞ্চ এটা অৰাজনৈতিক সংগঠন সেয়েহে সংগঠনটোৱে নিজৰ অৰাজনৈতিক চৰিত্ৰ বৰ্তাই ৰাখিব বুলি মন্তব্য কৰে সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্য নিৰ্বাহকে ৷

All Assam Bangali Aikya Manch will not support political party in the name of Bengali people and language
বাঙালী জাতি আৰু ভাষাৰ নামত ৰাজনৈতিক দলক সমৰ্থন নকৰে বাঙালী ঐক্য মঞ্চই

বৰপেটাৰোড, 29 ছেপ্তেম্বৰঃ বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সভাপতি দীপক দে’য়ে ৰাজনৈতিক দল গঠন কৰাৰ প্ৰক্ৰিয়া চলাই থকাৰ সময়তেই সদৌ অসম বাঙালী ঐক্য মঞ্চই এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে ৷ সোমবাৰে সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্য নিৰ্বাহকে বৰপেটাৰোডত এক সংবাদমেল সম্বোধন কৰি এই কথা উল্লেখ কৰে ৷ সদৌ অসম বঙালী ঐক্য মঞ্চ এটা অৰাজনৈতিক সংগঠন সেয়েহে সংগঠনটোৱে নিজৰ অৰাজনৈতিক চৰিত্ৰ বৰ্তাই ৰাখিব মন্তব্য কৰে সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্য নিৰ্বাহকে ৷

ইয়াৰ উপৰিও সংগঠনটোৰ কেন্দ্ৰীয় নেতৃবৃন্দই ডিটেনচন কেম্প সন্দৰ্ভত মন্তব্য কৰি কয়, 2014 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত বিজেপি ক্ষমতালৈ আহিলে ৰাজ্যৰ ডিটেনচন কেম্পসমূহ বন্ধ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ কিন্তু ইয়াৰ পৰিৱৰ্তে ৰাজ্যত পুনৰ বৃদ্ধি কৰা হয় ডিটেনচন কেম্পৰ সংখ্যা ৷ আনহাতে, কেম্পসমূহত দীৰ্ঘদিন ধৰি আৱদ্ধ হৈ থকা ভাৰতীয় লোকসকলৰ নাগৰিকত্ব প্ৰমাণ পত্ৰসমূহ পৰীক্ষা কৰি অনতিপলমে কেম্পৰ পৰা মুকলি কৰি দিয়াৰ বাবে দাবী উত্থাপন কৰে ৷ লগতে ডেটেনচন কেম্পত মৃত্যু হোৱা দুলাল পালৰ পালৰ পৰিয়ালক চৰকাৰে প্ৰদান কৰা প্ৰতিশ্ৰুতিসমূহ পালনৰো দাবী উত্থাপন কৰে সদৌ অসম বাঙালী ঐক্য মঞ্চই ৷

লগতে পঢ়ক-ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত সন্নিৱিষ্ট অসমীয়া যুৱকৰ এঙাৰৰ ছবি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.