জনীয়া, 20 মে’ : ‘‘তৎকালীনভাৱে বেকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা হাতত ল’ব লাগে চৰকাৰে । অন্যথা বেকী নদীৰ গৰাখহনীয়া (Beki river erosion)ত ৰাইজৰ ক্ষতি হ’লে জগৰীয়া হ’ব ৰাজ্য চৰকাৰ" ৷ বৃহস্পতিবাৰে বেকী নৈৰ গৰাখহনীয়া পৰিদৰ্শন কৰি সংবাদমাধ্যমৰ আগত এই মন্তব্য কৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷
![Akhil Gogoi visited Beki river erosion area](https://etvbharatimages.akamaized.net/etvbharat/prod-images/15334465_a.jpg)
উল্লেখ্য যে, বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত শওপুৰত বৃহস্পতিবাৰে কৰাৰকুৰ বেকী নদীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে বিধায়ক অখিল গগৈয়ে (Akhil Gogoi visited Beki river erosion area)। বেকী নদীৰ গৰাখহনীয়াই আংশিকভাৱে উটুৱাই নিয়া দ্বিতীয় বিকল্প ৰাজ্যিক ঘাইপথ তথা নৈৰ কাষৰীয়া অঞ্চলসমূহ পৰিদৰ্শন কৰি সেই অঞ্চলৰ সমস্যাসমূহ বুজ লয় বিধায়কগৰাকীয়ে ৷
![Akhil Gogoi visited Beki river erosion area](https://etvbharatimages.akamaized.net/etvbharat/prod-images/akhilgogoiatjania_19052022154129_1905f_1652955089_32.jpeg)
নৈ কাষৰীয়া এই অঞ্চলৰ মূল সমস্যা গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ শীঘ্ৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাক দাবী জনায় অখিল গগৈয়ে ৷
লগতে তেওঁ কয় যে, 120 কোটি টকীয়া আঁচনিৰ নিবিদা পাচ কৰি কাম কৰোতে বহু সময় লাগিব । সেয়ে সেই আঁচনিৰ বাবে অপেক্ষা কৰি থাকিলে এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ ব্যাপক ক্ষতি হ’ব । গতিকে তৎকালীনভাৱে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা হাতত ল’ব লাগে । অন্যথা বেকী নদীৰ গৰাখহনীয়াত ৰাইজৰ ক্ষতি হ’লে চৰকাৰ জগৰীয়া হ’ব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷
আনহাতে, ৰাজ্যৰ ভিন্ন অঞ্চলত চৰকাৰে চলোৱা উচ্ছেদ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়ক অখিল গগৈয়ে (Akhil Gogoi reacts on eviction) ৷ এই উচ্ছেদ কাৰ্য বিজেপিৰ এক ৰাজনৈতিক হাথিয়াৰ বুলি অভিহিত কৰে বিধায়কগৰাকীয়ে ।
লগতে পঢ়ক : হোজাইত বান পৰিস্থিতিৰ বুজ ললে কৃষি মন্ত্ৰী অতুল বৰাই