জনিয়া, 8 অক্টোবৰ : হাউলীৰ খন্দকাৰপাৰাত এআইইউডিএফৰ বিশাল কৰ্মী সভা । বৰপেটা জিলা এআইইউডিএফৰ উদ্যোগত আৰু বৰপেটা সমষ্টি কমিটীৰ সহযোগত হাউলী খন্দকাৰপাৰাত বৰপেটা জিলা ভিত্তিক এক কৰ্মী সভা অনুষ্ঠিত হয় ।
উক্ত কৰ্মী সভাত উপস্থিত থাকে দলটোৰ অধ্যক্ষ মৌলানা বদৰুদ্দিন আজমল । কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্রতা সন্দৰ্ভত আজমলে প্ৰকাশ কৰে মন্তব্য । ডিচেম্বৰ মাহৰ পিছতে আনুষ্ঠানিকভাৱে ঘোষনা হ'ব মিত্রতাৰ । 21ৰ নিৰ্বাচনৰ বাবে সাজু হৈছে এআইইউডিএফে । সভাত মন্ত্রী হিমন্ত বিশ্ব শৰ্মাকো তীব্ৰ সমালোচনা কৰে আজমলে । হিমন্ত বিশ্ব শৰ্মা পাগল হৈছে, পাগলখানাত আমি তেওঁক ভৰ্তি কৰাম । আমি বিপদত পৰিলে ভগৱান, আল্লাৰ নাম লওঁ; কিন্তু হিমন্তই বিপদত পৰিলে আজমলৰ নাম লয় । তেওঁ মোৰ ফ্ৰিতে প্ৰচাৰ চলাই আছে । হিমন্ত বিশ্ব শৰ্মাৰ লাজ নাই, তেওঁ সদায় মিছা মাতিছে ৷ মুখ্যমন্ত্রী হোৱাৰ সপোন ভংগ হোৱাৰ বাবেই এতিয়া হিমন্তই পাগল হৈছে বুলি ভাষণত মন্তব্য প্ৰদান কৰে এআইইউডিএফৰ অধ্যক্ষ বদৰউদ্দিন আজমলে ।
উক্ত কৰ্মীসভাত AIUDFৰ সাধাৰণ সম্পাদ্বয় চম্পক কলিতা,আমিনুল ইছলাম,বিধায়নী দলৰ নেতা বছিৰ আহমেদ কাছিমী,মহিলা মৰ্চাৰ সভানেত্রী বীনা দৈমাৰী,নাওবৈচাৰ বিধায়ক মামুন ইমদাদু হক,সৰুক্ষেত্রী সমষ্টিৰ যুৱ নেত্রী মিনাক্ষী ৰহমানকে ধৰি কেবাগৰাকী উচ্চ পৰ্যায়ৰ নেতা উপস্থিত থাকে ।
লগতে পঢ়ক : কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ সোণোৱাল কেবিনেটৰ