ETV Bharat / state

বৰপেটাত অনুষ্ঠিত অগপৰ বৃহৎ সাংগঠনিক সভা - Meeting

মুলত লোকসভা নিৰ্বাচনত দলটোৰ স্থিতি কি হ'ব সেই বিষয়ে সভাত আলোচনাত মিলিত হয় দলটোৰ কৰ্মীসকল ৷

অগপৰ সাংগঠনিক সভা
author img

By

Published : Mar 8, 2019, 12:02 PM IST

বৰপেটা, 7 মাৰ্চঃ বৰপেটা লোকসভা সমষ্টিভিত্তিক অসম গন পৰিষদ দলে অনুষ্ঠিত কৰে এক বৃহৎ সাংগঠনিক সভা ৷ আগন্তুক লোকসভা নিৰ্বাচনক লৈ দলটোৱে সমষ্টিটোৰ সকলো বিধানসভা সমষ্টিৰ লগতে মহকুমাভিত্তিক আয়োজন কৰে এই সভা ৷

etvbharat
অগপৰ সাংগঠনিক সভা

অগপৰ বৰপেটা, বজালী, বঙাইগাঁও, উত্তৰ শালমাৰা, বিজনী, নলবাৰী আৰু মানিকপুৰ জিলা সমিতিয়ে অংশগ্ৰহণ কৰা সভাখনত উপস্থিত থাকে অগপৰ বহুকেইগৰাকী নেতা ৷ অতুল বৰা, কেশৱ মহন্ত, ফনীভূষণ চৌধুৰী, ভূপেন ৰয়, কুমাৰদীপক দাসকে ধৰি গুনীন নাথ দাসে অংশগ্ৰহণ কৰে ৷

অগপৰ সাংগঠনিক সভা

মুলত লোকসভা নিৰ্বাচনত দলটোৰ স্থিতি কি হ'ব সেই বিষয়ে সভাত আলোচনাত মিলিত হয় দলটোৰ কৰ্মীসকল ৷ ইতিমধ্যে দলটোৱে নিৰ্বাচনী ৰণকৌশলৰ বাবে এখন কমিতি গঠন কৰিছে আৰু সেই কমিতিয়ে দলটোৰ নিৰ্বাচনী স্থিতি স্পষ্ঠ কৰিব বুলি দলটোৰ সভাপতি অতুল বৰা তথা জ্যেষ্ঠ নেতা কেশৱ মহন্তই প্ৰকাশ কৰিছে ৷ বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা সভাত জিলা কমিতিসমূহৰ মতামত লোৱাৰ পিচতেই দলটোৱে বুথ কমিটিৰ সৈতে আলোচনাত মিলিত হ'ব ৷ আনহাতে বিজেপিৰে সৈতে মিত্ৰতা সন্দৰ্ভত কোনোধৰণৰ কথা প্ৰকাশৰ পৰাই বিৰত থাকে দলটোৰ শীৰ্ষ নেতৃত্ব ৷

Slug:      A_BAR_7MARCH_801TO803_AGP_LOK_SABHA_PREPARATION_VIS+BITE_BAPKAN_DAS.                               

 বৰপেটা লোকসভা সমষ্টিভিত্তিত অগপৰ সাংগঠনিক সভাঃ ভাগ ললে অগপৰ বৰপেটা, বজালী, বঙাইগাও, উত্তৰ শালমাৰা, বিজনী, নলবাৰী, মানিকপুৰ জিলা সমিতিয়ে 

বৰপেটা, ৭ মাৰ্চঃ লোকসভা নিৰ্বাচনক লৈ সাংগঠনিক তৎপৰতা আৰম্ভ কৰিছে অগপই ৷ আজি বৰপেটা লোকসভা সমষ্টিক লৈ বৰপেটাত অনুষ্ঠিত হৈছে অগপৰ এক সাংগঠনিক সভা ৷ অতুল বৰা, কেশৱ মহন্ত, ফনীভূষন চৌধুৰী, ভূপেন ৰয়, কুমাৰ দীপক দাস, গুনীন্দ্ৰ নাথ দাসে অংশগ্ৰহন কৰা সভাখনত অগপৰ বৰপেটা, বজালী, বঙাইগাও, উত্তৰ শালমাৰা, বিজনী, নলবাৰী, মানিকপুৰ জিলা সমিতিৰ নেতৃত্বয়ো অংশ লয় ৷  মুলতঃ লোকসভা নিৰ্বাচনত দলটোৰ স্থিতি কি হব, নিৰ্বাচনত দলটোৰ কি হব ৰনকৌশল, অকলে নে মিত্ৰতাৰে ভাগ লব নিৰ্বাচনত সেই সম্পৰ্কে আলোচনা অনুষ্ঠিত হয় সভাখনত ৷

*ব্ৰেকিং লাইনঃ অতুল বৰা*

বৰপেটাত বৰপেটা লোকসভা সমষ্টি ভিত্তিত অগপৰ সাংগঠনিক সভা ৷

সাত খন জিলা সমিতিৰ বিষয়ববীয়াৰে আলোচনা ৷

দিল্লী যাত্ৰা সম্পৰ্কত অতুল বৰাৰ মন্তব্যঃ স্পেকুলেচনৰ ওপৰত বহুত নিউজ ওলাই আছে ৷  আৰু মোৰ জানো অন্য কাম নাথাকিব ৷ সকলো কথাৰ সত্যতা নাই ৷ সংবাদ মাধ্যমত কংগ্ৰেছৰ লগত, অথবা বিজেপিৰ লগত আলোচনা কৰা বুলি ওলাইছে ৷
কাৰ লগত মিত্ৰতা কৰিব বা অগপই অকলেই নিৰ্বাচন খেলিব নেকি সেই সম্পৰ্কে দলৰ কৌশল নিৰ্ধাৰন সমিতিয়ে কোনো সিদ্ধান্ত গ্ৰহন কৰা নাই ৷

দিল্লী যাত্ৰা সম্পূৰ্ণ ব্যক্তিগত বুলি কলে অতুল বৰাই ৷

দলৰ সভাপতি হিচাপে আপুনি বিজেপিৰে মিত্ৰতা বিচৰা সম্পৰ্কত অতুল বৰাই কলে-- সেয়া মই ৰীজহুৱাকৈ কোৱা কথা নহয়, আমি যিকম, যি কথা পাতিম দলৰ মজিয়াতে সিদ্ধান্ত লম ৷

ৰনজিৎ দাসৰ মন্তব্যৰো প্ৰতিক্ৰীয়াঃ অগপ আঞ্চলিক ৰাজনৈতিক দল, আঞ্চলিক স্বাৰ্থ ৰক্ষাৰ বাবে গঠন হোৱা দল, জাতিৰ প্ৰতি দায়ৱদ্ধ এটা দল, আৰু অসম চুক্তি ৰূপায়নৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ এটা দল ৷ গতিকে আমি যি কৰিছো সেয়া ৰাইজে দেখিছে আৰু ৰাইজে বিবেচনা কৰিব ৷ নাগিৰকত্ব সংশোধনী বিধেয়ক সম্পৰ্কে নতুনকৈ কবলগীয়া নাই, আমি লুকাই চুৰকৈ কৰা নাই আৰু আমি উঃ পূবৰ কেবাটাও ৰাজনৈতিক দলক সংগঠিত কৰি দৃঢ় পদক্ষেপ লৈচিলো আৰু উত্তৰ পূবেই নহয়, এনডিএ পাৰ্টনাৰ বহুকেইটা ৰাজনৈতিক দলেই আমাক সমৰ্থন আগবঢ়াইছিল ৷ সেই কথাত আৰু আমাৰ নতুনকৈ কবলগীয়া একো নাই ৷

বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই অগপক বিচাৰিলে কি কবঃ সেয়া সময়ে কব ৷ সেই কথাতো সম্প্ৰকে আজি মই মতামত নিদিও ৷

*ব্ৰেকিং লাইনঃ কেশৱ মহন্ত*

বিজেপিৰ সৈতে আপুনি মিত্ৰতা বিচাৰে নেঃ সেই সম্পৰ্কে  দলেহে সিদ্ধান্ত লব ৷ দলৰ নিৰ্বাচনী ৰনকৌশলৰ বাবে এখন কমিটী গঠন কৰিছে,  সেই সম্পৰ্কে বৈঠক বহি আছে  আজি সেই সম্পৰ্কে চূড়ান্ত সিদ্ধান্ত দিব পৰা হোৱা নাই ৷ 

বৰপেটা লেকসভা সমষ্টিৰ জিলা সমিতি সমুহৰ আজি মতামত পাম , ইয়াৰ পিচত সমষ্টি ভিত্তিত বুথ কমিটীৰ সভা অনুষ্ঠিত কৰিম আৰু তৃনমুল পৰ্যায়ত অতি ক্ষীপ্ৰতাৰে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিম ৷

দিলীত এই বিষয়ে আলোচনা হোৱা নাই ৷ হয়তো এই সম্পৰ্কে আমি কেনেধৰনৰ সিদ্ধান্ত লও সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব ৷

বিজেপিৰ ৰাষ্ট্ৰীয় সমিতিৰ পৰা এতিয়ালৈকে কোনোধৰনৰ আনুষ্ঠানিক  প্ৰস্তাৱ অহা নাই ৷

ৰনজিৎ দাসৰ মন্তব্যৰ প্ৰতিক্ৰীয়াঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আমি অতিকৈ শুদ্ধ কাম কৰিছো বুলি নিজৰ আত্ম বিশ্বাসেৰে কৈছো ৷

মিত্ৰতা সম্পৰ্কত একো কব পৰা অবস্থাত নাই ৷
কংগ্ৰেছৰ ক্ষেত্ৰত মিত্ৰতাৰ কথা অহাই নাই ৷
কোনো ক্ষেত্ৰতে মিত্ৰতা সম্পৰ্কে আজি কব পৰা অবস্থাত নাই ৷

মিত্ৰতা হবই লাগিব বুলি কোনো কথা নাই ৷

আমি নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে বৰপেটালৈ আহিছো ৷

নিৰ্বাচন খেলিম বুলি নিশ্চিত কাৰনেই এইখন প্ৰস্তুতি সভা চলিছে ৷
--- বাপকন দাস, বৰপেটা
ফুটেজ আৰু বাইট ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.