ETV Bharat / state

অধিবক্তা ৰিণিমা বেগমক হত্যা কৰা অস্ত্ৰ উদ্ধাৰ; গ্ৰেপ্তাৰ হৈছে মাষ্টাৰ মাইণ্ড - Mastermind of Rinima murder arrested

তদন্ত অব্যাহত আছে অধিবক্তা ৰিণিমা বেগম হত্যাকাণ্ডৰ (Avocate murder in Barpeta) ৷ আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰ, মটৰচাইকেল আদি ইতিমধ্যে জব্দ কৰিছে ৷ তাৰোপৰি মঙলবাৰে নিশা গ্ৰেপ্তাৰ কৰিছে এই সমগ্ৰ হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ডকো ৷ কিন্তু বৰ্তমানেও জানিব পৰা হোৱা নাই হত্যাৰ প্ৰকৃত কাৰণ ৷

Avocate murder in Barpeta
Avocate murder in Barpeta
author img

By

Published : Mar 31, 2022, 11:31 AM IST

বৰপেটা, ৩০ মাৰ্চ : অধিবক্তা ৰিণিমা বেগম হত্যাকাণ্ডত (Rinima Begum murder case) ব্যৱহৃত অস্ত্ৰ উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷ 3 নং ভাতকুছিৰ সমীপৰ নখান্দা নৈৰ পৰা উদ্ধাৰ কৰা হৈছে এখন চোকা খুকুৰী ৷ এইখন খুকুৰীৰেই হানি-খুচি হত্যা কৰা হৈছিল ৰিণিমা বেগম নামৰ অধিবক্তাগৰাকীক ৷ যোৱা 21 মাৰ্চত বৰপেটা জিলাৰ বিলৰটাৰী হাটীত সংঘটিত হৈছিল এই লোমহৰ্ষক হত্যাকাণ্ডটো ৷ ভগ্নীৰ সমুখতে চোকা অস্ত্ৰৰে দুৰ্বৃত্তই হত্যা কৰিছিল অধিবক্তা গৰাকীক (Advocate murder in Barpeta) ৷

কিয় হত্যাৰ বলি হ’ল যুৱতী অধিবক্তা ৰিণিমা :

ৰিণিমাক হত্যা কৰাৰ দিনা নিশাই আৰক্ষীয়ে সন্দেহৰ ভিত্তিত আটক কৰিছিল দুজনকৈ লোকক ৷ তেওঁলোক ক্ৰমে ডাঃ মকদম আলী আৰু আব্দুৰ ৰহমান ওৰফে জুম্মা ৷ তথ্য অনুসৰি বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৰ্মৰত ডাঃ মকদম আলী আৰু মৃত অধিবক্তা ৰিণিমা বেগমৰ মাজত এডোখৰ ভূমিক লৈ অব্যাহত আছিল বিবাদ ৷ আনকি আদালতৰ দ্বাৰস্থও হৈছিল দুয়ো ৷

হত্যাকাণ্ড সংঘটিত হোৱাৰ পিচত পোহৰলৈ অহা তথ্য অনুসৰি এডোখৰ মাটি ক্ৰয়ৰ বিনিময়ত ডাঃ মকদম আলীয়ে ৰিণিমাক আদায় দিছিল বৃহৎ অংকৰ ধন ৷ কিন্তু ইয়াৰ পিচতো ৰিণিমাই নিজৰ নামত থকা মাটিখিনি ডাঃ মকদম আলীৰ নামত চমজাই দিয়া নাছিল ৷ নামত পঞ্জীয়ন অথবা হস্তান্তৰ হোৱা নাছিল ৷ আনকি একেখিনি মাটি অইন গ্ৰাহকৰ ওচৰত বিক্ৰীৰ পৰিকল্পনা কৰিছিল ৰিণিমাই ৷ বিবদমান বিষয়টোলৈ ডাঃ মকদম আলী আৰু ৰিণিমা বেগমৰ মাজত বৰপেটা আদালতত মোকৰ্দমা চলি আছিল ৷

অধিবক্তা ৰিণিমা বেগমক হত্যা কৰা অস্ত্ৰ উদ্ধাৰ

আন এক তথ্য অনুসৰি প্ৰায় ১২ বছৰ পূৰ্বে তুম্মা নামৰ এগৰাকী লোকক নিশা নিজ ঘৰতে হত্যা কৰা হৈছিল । সেই হত্যাৰ অভিযুক্ত আছিল ৰিণিমা বেগম ৷ হত্যাৰ অভিযোগত তিনি মাহৰ বাবে কাৰাবাসলৈও গৈছিল ৰিণিমা বেগম । এতিয়াও ৰিণিমা বেগমৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে গোচৰ ৷ তুম্মা আছিল আব্দুৰ ৰহমান ওৰফে জুম্মাৰ ভাতৃ ৷ পুৰণি হত্যাৰ প্ৰতিশোধ ল'বলৈ ৰিণিমা বেগমক আব্দুৰ ৰহমান ওৰফে জুম্মাই হত্যা কৰা বুলি অভিযোগ উঠিছে ।

জানিব পৰা মতে, এখন দুচকীয়া বাহনত আহিছিল তিনিজন দুৰ্বৃত্ত ৷ ইয়াৰে দুজন নামি আহিছিল আৰু বাইকখন ষ্টাৰ্ট কৰি বাইকতে বহি আছিল ৷ নিজৰ বাহনত উঠিবলৈ লওতেই দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ৰিণিমাক ৷ সেই সময়ত ৰিণিমাৰ লগত আছিল জ্যেষ্ঠ ভগ্নী ৷ হানি-খুচি ৰিণিমাক হত্যা কৰি সেই স্থানৰ পৰা পলায়ন কৰিছিল তিনি দুৰ্বৃত্তই ৷

আৰক্ষীৰ জালত মাষ্টাৰ মাইণ্ড :

ৰিণিমা বেগম হত্যাকাণ্ডৰ তদন্ত চলাই থকা বৰপেটা আৰক্ষীয়ে অৱশেষত গ্ৰেপ্তাৰ কৰিলে ঘটনাৰ মূল খলনায়কক (Mastermind of Rinima murder arrested) ৷ বৰপেটা চহৰৰ পৰা আটক কৰা হয় মহিবুল হক ওৰফে মনিক ৷ গ্ৰেপ্তাৰৰ পাচতে মনিৰ ঘৰত অভিযান চলায় আৰক্ষীয়ে জব্দ কৰে হত্যাকাণ্ডৰ দিনা ব্যৱহাৰ কৰা বাইকখন ৷ খোদ মনিয়েই স্বীকাৰ কৰিছে বাইকখন ব্যৱহাৰ কৰাৰ কথা ৷ ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা ডাঃ মকদম আলীৰ খুলশালি মহিবুল ওৰফে মনি ৷

আনহাতে, পালহাজিৰ পৰা ৰবিয়াল আলী আৰু মাজগাঁৱৰ পৰা মুস্তাফ আলী নামৰ আন দুটা অভিযুক্তকো আটক কৰে আৰক্ষীয়ে ৷ ধৃত ৰবিয়াল আৰু মুস্তাফক লগত লৈ হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰৰ সন্ধানত অভিযানত নামি পৰে আৰক্ষীৰ দল ৷ অগ্নিনিৰ্বাপক বাহিনীৰ ডুবাৰুৰ সহায়ত নখান্দা নৈৰ পৰা উদ্ধাৰ কৰা হয় খুকুৰীখন ৷ মহিবুল হক ওৰফে মণিৰ নিৰ্দেশত ৰবিয়াল আলী, মুস্তাফ আলী আদিৰ সহযোগত কোনো পেছাদাৰী ঘাতকে ৰিণিমাক হত্যা কৰাৰ সন্দেহ আৰক্ষীৰ ৷

অৱশ্যে, তদন্তৰ শেহতীয়া অগ্ৰগতি সন্দৰ্ভত এই পৰ্যন্ত আনুষ্ঠানিকভাৱে কোনো তথ্য সদৰী কৰা নাই বৰপেটা আৰক্ষীয়ে ৷ তাৎপৰ্যপূৰ্ণভাৱে হত্যাকাণ্ডটোত ডাঃ মকদম আলী জড়িত বুলি ঘটনা সংঘটিত হোৱাৰ দিনাই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল ৰিণিমা বেগমৰ জ্যেষ্ঠ ভগ্নীয়ে ৷ মাটি অথবা ৰিনিমাক আদায় দিয়া বৃহৎ পৰিমাণৰ ধনৰাশি একোৱেই ঘূৰাই নোপোৱাৰ বাবেই খুলশালিয়েক মহিবুল হকৰ হতুৱাই ডাঃ মকদম আলীয়ে ৰিণিমা বেগমক হত্যাৰ পৰিকল্পনা কৰাৰ সন্দেহ আৰক্ষীৰ ৷ পৰৱৰ্তী সময়তহে জানিব পৰা যাব এই হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য কি ৷

লগতে পঢ়ক: Barpeta advocate murder case : ৰিণিমা বেগম হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.