ETV Bharat / state

ন্যায্য প্ৰাপ্তিৰ দাবীত বৰপেটাত আক্ৰাছুৰ গৰ্জন

author img

By

Published : Jun 8, 2022, 9:14 PM IST

প্ৰতিবাদমুখৰ হৈ পৰিল বৰপেটা ৷ ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত বৰপেটাত তিনিঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে আক্ৰাছুৱে (ACRASU protest for ST status in Barpeta)৷

ACRASU protest for ST status in Barpeta
ন্যায্যৰ দাবীত বৰপেটাত আক্ৰাছুৰ গৰ্জন

বৰপেটা, 8 জুন : ‘‘ইখনৰ পাচত সিখনকৈ চৰকাৰ আহিছে আৰু গৈছে ৷ প্ৰত্যেকখন চৰকাৰে কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ আশ্বাস প্ৰদান কৰে ৷ কিন্তু নিৰ্বাচনত জয়ী হোৱাৰ পাচত সকলো পাহৰি যায় ৰাজনৈতিক নেতা-কৰ্মীসকলে’’ ৷ বুধবাৰে কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত বৰপেটাত আক্ৰাছুৱে সাব্যস্ত কৰা এক প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ এই মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে (ACRASU protest for ST status in Barpeta)৷

‘‘ক'লৈ গ'ল হিমন্তৰ পকেটত থকা জনজাতিকৰণৰ নিশ্চয়তা ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ 90 শতাংশ নিশ্চিতি তেওঁৰ পকেটত থকা বুলি দাবী কৰিছিল’’ ৷এই প্ৰশ্ন প্ৰতিবাদকাৰীসকলৰ (ACRASU protest in Barpeta) ৷

ন্যায্যৰ দাবীত বৰপেটাত আক্ৰাছুৰ গৰ্জন

আনকি প্ৰতিখন চৰকাৰেই বিগত তিনিটা দশক ধৰি কোচ ৰাজবংশীসকলক প্ৰতাৰণা কৰি আহিছে বুলিও মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে ৷ যাৰ বাবে কোচ ৰাজবংশী যুৱকে হাতত অস্ত্ৰ তুলি ল’বলৈ বাধ্য হৈছে বুলি ক্ষোভ প্ৰকাশ কৰে আক্ৰাছু নেতৃত্বই ৷

1949 চনত ভাৰত চৰকাৰৰ সেই সময়ৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেল আৰু কোচৰজা ভূপবাহাদুৰ জগদীপেন্দ্ৰ নাৰায়ণৰ মাজত হোৱা চুক্তি অনুসৰি কোচসকলক 'গ' শ্ৰেণীৰ ৰাজ্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু সেই প্ৰতিশ্ৰুতি কেন্দ্ৰই পূৰণ নকৰিলে ৷ যাৰ বাবে কোচ ৰাজবংশীসকলে তিনিটা দশকজুৰি কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতীকৰণৰ দাবীত আন্দোলন অব্যাহত ৰাখিছে ।

ইপিনে অচিৰেই যদি কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰা আৰু কমতাপুৰৰ দাবী মানি নলয়, তেন্তে 2024 ৰ নিৰ্বাচনত যোগ্য প্ৰত্যুত্তৰ প্ৰদানৰ হুংকাৰ কোচ ৰাজবংশী ৰাইজৰ ৷

লগতে পঢ়ক : KAAC Election 2022: ষ্টাম্প হেৰাল ভোটদান কেন্দ্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.