ETV Bharat / state

মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোটদান কৰিবলৈ আহ্বান অবড়ো সুৰক্ষা সমিতিৰ - মিত্ৰজোঁটৰ প্ৰাৰ্থী

দেওবাৰে বিয়লি পাঠশালাত অবড়ো সুৰক্ষা সমিতি(Abodo Suraksha Samiti)ৰ সংবাদমেল সম্বোধন ৷ উপ-নিৰ্বাচন(By Election)ত মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোটদান কৰিবলৈ বিটিআৰ(BTR)ৰ অন্তৰ্গত অবড়ো ভোটাৰ(Abodo Voters)সকলক আহ্বান অবড়ো সুৰক্ষা সমিতিৰ নেতৃত্বৰ ৷

abodo-suraksha-samiti-press-meet
অবড়ো সুৰক্ষা সমিতিৰ সংবাদমেল
author img

By

Published : Oct 18, 2021, 8:37 AM IST

পাঠশালা, 18 অক্টোবৰ : সমাগত ৰাজ্যৰ উপ-নিৰ্বাচন(By Election)ত বিটিআৰ(BTR)ৰ অন্তৰ্গত অবড়ো ভোটাৰ(Abodo Voters)সকলক মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট প্ৰদান কৰিবলৈ আহ্বান জনালে অবড়ো সুৰক্ষা সমিতি(Abodo Suraksha Samiti)ৰ কেন্দ্ৰীয় কমিটিয়ে ।

দেওবাৰে বিয়লি ভাগত পাঠশালাত এক সংবাদমেল সম্বোধন কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে অবড়ো সুৰক্ষা সমিতিয়ে । উল্লেখ্য যে, বিটিআৰত বাস কৰা অবড়ো ৰাইজে দীৰ্ঘদিন ধৰি ভাষাৰ সমস্যা, ভূমিৰ সমস্যা, গাঁও কৰ্তন ইত্যাদি বিষয় সমাধানৰ বাবে চৰকাৰৰ সৈতে আলোচনাত মিলিত হৈ আছে ৷

অবড়ো সুৰক্ষা সমিতিৰ সংবাদমেল অনুষ্ঠিত

চৰকাৰে এই সমস্যাসমূহ সমাধানৰ বাবে সদিচ্ছা জনাই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু বিগত সময়ত অবড়ো আন্দোলনত শ্বহীদ হোৱা পৰিয়ালক 30 অক্টোবৰৰ ভিতৰত সাহায্য প্ৰদানৰ আশ্বাস প্ৰদান কৰিছে ৷ সেইবাবে উপ-নিৰ্বাচনত গোঁসাইগাঁও, তামোলপুৰ আৰু ভৱানীপুৰ সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট প্ৰদান কৰি জয়যুক্ত কৰিবলৈ অবড়ো ভোটাৰক আহ্বান জনায় অবড়ো সুৰক্ষা সমিতিয়ে ।

আনহাতে, এইক্ষেত্ৰত সাংসদ নৱ কুমাৰ শৰণীয়া(Naba Kumar Sarania)ই অবড়ো সুৰক্ষা সমিতিৰ সৈতে কোনোধৰণৰ যোগাযোগ ৰখা নাই বুলি ব্যক্ত কৰে অবড়ো সুৰক্ষা সমিতিৰ নেতৃত্বই । উক্ত সংবাদমেলত উপস্থিত থাকে অবড়ো সুৰক্ষা সমিতিৰ উপদেষ্টা ব্ৰজেন মহন্ত, সম্পাদক মাধৱ ৰাজবংশী, সভাপতি ললিত হেমব্ৰম, মুখপাত্ৰ সোণাৰাম দাসকে ধৰি সকলো জিলা সমিতিৰ সম্পাদক আৰু সভাপতি ৷

লগতে পঢ়ক : গৰুখুটিৰ ঘটনাৰ পোটক তুলিব পাৰে আইছিছে : অসম আৰক্ষীৰ ৰেড এলাৰ্ট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.