ETV Bharat / state

পথ নিৰ্মাণৰ দাবীত বৰপেটাত আছুৰ প্ৰতিবাদ

author img

By

Published : Oct 31, 2020, 2:45 PM IST

ব্ৰহ্মপুত্ৰৰ খহনীয়াই মাটি-ভেঁটি উছন কৰাৰ ফলত সৰ্বশ্ৰান্ত হোৱা ৰাইজক এতিয়া জীয়াতু ভুগাইছে পথৰ দুৰৱস্থাই ৷ বানপানীৰ সময়ত শিলা,ঔমুৰা,সুহা সংযোগী পথ বানপানীযে খহাই নিয়াৰ ফলত যাতায়াতৰ বাবে অনুপযোগী হৈ পৰাত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে অঞ্চলবাসী ৷ যাৰ পৰিপ্ৰেক্ষিতত যাতায়াতৰ ক্ষেত্ৰত ভুগি অহা যন্ত্ৰণাত অতিষ্ঠ হৈ শনিবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বাউসী আঞ্চলিক ছাত্ৰ সন্থাই ৷

AASU protests in Barpeta demanding road construction
পথ নিৰ্মাণৰ দাবীত বৰপেটাত আছুৰ প্ৰতিবাদ

বৰপেটা,31অক্টোবৰঃ ৰাজ্যৰ ভিন্ন স্থানত পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে সাধাৰণ ৰাইজক ৷বৰপেটাতো দেখা পোৱা গ'ল তেনে এক দৃশ্য ৷ ব্ৰহ্মপুত্ৰৰ খহনীয়াই মাটি-ভেঁটি উছন কৰাৰ ফলত সৰ্বশ্ৰান্ত হোৱা ৰাইজক এতিয়া জীয়াতু ভুগাইছে পথৰ দুৰৱস্থাই ৷ বানপানীৰ সময়ত শিলা,ঔমুৰা,সুহা সংযোগী পথ বানপানীযে খহাই নিয়াৰ ফলত যাতায়াতৰ বাবে অনুপযোগী হৈ পৰাত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে অঞ্চলবাসী ৷ যাৰ পৰিপ্ৰেক্ষিতত যাতায়াতৰ ক্ষেত্ৰত ভুগি অহা যন্ত্ৰণাত অতিষ্ঠ হৈ শনিবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বাউসী আঞ্চলিক ছাত্ৰ সন্থাই ৷

পথ নিৰ্মাণৰ দাবীত বৰপেটাত আছুৰ প্ৰতিবাদ

শিলা,ঔমুৰা,সুহা সংযোগী পথ নির্মাণ আৰু কাঠৰ দলং পকীকৰণৰ দাবীত আছুৱে প্ৰতিবাদ সাব্যস্ত কৰি কঠোৰ ভাষাৰে সমালোচনা কৰে স্থানীয় বিধায়ক শুকুৰ আলী আহমেদক ৷ ইপিনে,এই সমগ্ৰ বিষয় সন্দৰ্ভত বাউসী আঞ্চলিক ছাত্ৰ সন্থাই বিভাগীয় কর্তৃপক্ষ আৰু বৰপেটা জিলা উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰিছিল যদিও এতিয়ালৈকে বিভাগীয় বৰমূৰীয়া সকলে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰে ছাত্ৰ সন্থাই ৷ অতি শীঘ্ৰে পথ নির্মাণ আৰু কাঠৰ দলং পকীকৰণ নকৰিলে ব্যাপক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে ৷

লগতে পঢ়কঃ ৰাজ্যলৈ আগমণ ঘটিল শীতৰঃফৰকাল থাকিব উত্তৰ-পূৰ্বাঞ্চলৰ আকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.