বৰপেটা,১ ফেব্ৰুৱাৰী: বিদ্যুৎ মাচুল বৃদ্ধিৰে সাধাৰণ জনতাৰ ওপৰত মাধমাৰ শোধাইছে ৰাজ্যৰ শক্তি বিভাগে ৷ ১ ফেব্ৰুৱাৰী অৰ্থাৎ আজিৰে পৰা বিদ্যুৎ বিভাগে পুনৰ ৰাইজৰ মূৰত ৰাম টাঙোন সোধাই ঘৰুৱা বিদ্যুতৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে (Electricity tariff hike in Assam) ৷ ঘাটি বাজেটৰ বোজা সাধাৰণ ৰাইজৰ ওপৰত জাপি দিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৰাজ্য়ৰ বিভিন্ন দল-সংগঠন । এই প্ৰতিবাদৰ মাজতে বুধবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্য়োগত ৰাজ্য়জুৰি প্ৰতিবাদ জনোৱা হয় (AASU opposes Electricity tariff hike) ৷
শক্তি বিভাগৰ ঘাটি পুৰণৰ বাবে মাছুল বৃদ্ধিৰে সাধাৰণ বিদ্যুৎ উপভোক্তাক মাধমাৰ শোধোৱা সিদ্ধান্ত বাতিলৰ দাবীত অৱশেষত আন্দোলনত নামিল সদৌ অসম ছাত্ৰ সন্থা (AASU protest in Barpeta)৷ বাৰে বাৰে বিদ্যুৎ মাছুল বৃদ্ধিৰ সিদ্ধান্তৰে সাধাৰণ জনতাৰ মুৰত মাধমাৰ শোধোৱা বিদ্যুৎ বিভাগৰ এনে জনবিৰোধী সিদ্ধান্ত বাতিলৰ দাবীত আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ৰাজ্যৰ জিলা সদৰ সমুহৰ দৰে বৰপেটাতো জিলা ছাত্ৰ সন্থাই ৰূপায়ন কৰে ২ ঘন্টীয়া বিক্ষোভ কাৰ্যসূচী ৷
বৰপেটা জিলা ছাত্ৰ সন্থাৰ সভাপতিৰ নেতৃত্বত বৰপেটা জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত ৰূপায়িত এই বিক্ষোভ কাৰ্যসূচীত বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য সকলেও অংশগ্ৰহণ কৰে । বিক্ষোভ কাৰ্যসূচীত অংশ লোৱা প্ৰতিবাদকাৰী আছু নেতা কৰ্মীসকলে বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে ধ্বনি দিয়াৰ লগতে বিজেপি চৰকাৰ হায় হায়,অসম শক্তি বিতৰণ কোম্পানী লিমিটেড হায় হায়, বিদ্যুত মাচুল বৃদ্ধি কৰা নচলিব, বিদ্যুৎ মাছুল বৃদ্ধিৰ সিদ্ধান্ত বাতিল কৰক আদি শ্ল'গান দি বিক্ষোভস্থলী উত্তাল কৰি তোলে ।
উল্লেখ্য় যে সদৌ অসম ছাত্ৰ সন্থাই বুধবাৰে ৰাজ্যজুৰি বিদ্যুৎ বিভাগৰ বিৰুদ্ধে বিক্ষোভ, অৱস্থান ধৰ্মঘট, বিদ্যুৎ বিভাগৰ পুত্তলিকা তথা শক্তি মন্ত্ৰীৰ পুত্তলিকা দাহ আদি কাৰ্যসূচী ৰূপায়ণ কৰিছে (AASU protest against APDCL)। প্ৰতিবাদকাৰীসকলে বিদ্যুৎ বিভাগক শীঘ্ৰেই এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছে । যদিহে বিদ্যুৎ বিভাগ এই ক্ষেত্ৰত ব্য়ৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে সন্থাই প্ৰতিবাদী কাৰ্যসূচী ইয়াতকৈ অধিক তীব্ৰতৰ কৰিব বুলি সঁকীয়াই দিয়ে । ইয়াৰ পূৰ্বে যেতিয়া ছেপ্তেম্বৰত ঘাটি বাজেট পূৰণ কৰিবলৈ প্ৰতি ইউনিটত ৩০ পইচাকৈ বিদ্যুতৰ মাচুল বৃদ্ধি কৰাৰ প্ৰস্তাৱ লৈছিল । সেই সময়ত সদৌ অসম ছাত্ৰ সন্থাই বিদ্যুৎ বিভাগৰ পৰিচালন সঞ্চালক ৰাকেশ আগৰৱালক লগ কৰি আলোচনাত মিলিত হৈছিল ।