পাঠশালা,9 জুন : ঘৰৰ ভাড়া আদায় কৰিব যোৱা মালিকক আছুৰ নাম লৈ ভয়-ভাবুকি প্ৰদান কৰাৰ অভিযোগ শিক্ষানগৰী পাঠশালাৰ এগৰাকী ছাত্ৰ নেতাৰ বিৰুদ্ধে । এই অভিযোগ উত্থাপিত হৈছে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ আছু গোট (Bhattadev University AASU unit) ৰ প্ৰাক্তন সভাপতি তথা ভট্টদেৱ বিশ্ববিদ্যালয় (Bhattadev University) ৰ বিজ্ঞান শাখাৰ পঞ্চম ষান্মাষিকৰ ছাত্ৰ অঞ্জনজ্যোতি নাথৰ বিৰুদ্ধে ।
উল্লেখযোগ্য যে, পাঠশালাত ঘৰভাড়া লোৱা ছাত্ৰ নেতাগৰাকীয়ে কেইবামাহো ভাড়া আদায় নিদিয়াৰ বাবে স্বত্বাধিকাৰীয়ে ঘৰ ভাড়া আদায় কৰিবলৈ যায় ৷ কিন্তু ঘৰৰ মালিকক আছু নেতা বুলি চিনাকি দি অঞ্জনজ্যোতিয়ে বিভিন্ন ভয়-ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে ঘৰৰ মালিকে ৷
অৱশেষত আছু নেতা অঞ্জনজ্যোতি নাথৰ বিৰুদ্ধে পাঠশালা আৰক্ষী চকী (Pathsala police staion) ত গোচৰ তৰে ঘৰৰ মালিক চন্দ্ৰকান্ত কলিতাই । এই সমগ্ৰ ঘটনা পোহৰলৈ অহাত পাঠশালা চহৰত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ ।
আছুৰ গৰিমাত আঘাত সনাৰ অভিযোগত মঙলবাৰে অঞ্জনজ্যোতি নাথক পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাই আছুৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰে । পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ধীমান শৰ্মা আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ গাংগুলীয়ে সংগঠন বিৰোধী কাৰ্যত জড়িত থকাৰ অভিযোগত ছাত্ৰ নেতা গৰাকীক সন্থাৰ পৰা বহিষ্কাৰ কৰা বুলি সংবাদ মাধ্যমক এক প্ৰেছ বিজ্ঞপ্তিযোগে অৱগত কৰে ।
লগতে পঢ়ক: কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ