ETV Bharat / state

মোডীৰ অসম ভ্ৰমণক লৈ বৰপেটাত অৱস্থান ধৰ্মঘট

author img

By

Published : Jan 23, 2021, 3:34 PM IST

বৰপেটা জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত মুখত ক'লা কাপোৰ বান্ধি সত্ৰনগৰী বৰপেটাত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন । নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰা, অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰা আৰু পৰিৱেশগত প্ৰভাৱ মূল্যায়ন চমুকৈ ই আই এ বাতিলৰ দাবীৰে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন ।

মোডীৰ অসম ভ্ৰমণক লৈ বৰপেটাত অৱস্থান ধৰ্মঘট
মোডীৰ অসম ভ্ৰমণক লৈ বৰপেটাত অৱস্থান ধৰ্মঘট

বৰপেটা, ২৩ জানুৱাৰী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণক লৈ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে শনিবাৰে বৰপেটাতো প্ৰতিবাদ সাব্যস্ত কৰা হয় । বৰপেটা জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত মুখত ক'লা কাপোৰ বান্ধি সত্ৰনগৰী বৰপেটাত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰা, অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰা আৰু পৰিৱেশগত প্ৰভাৱ মূল্যায়ন চমুকৈ ই আই এ বাতিলৰ দাবীৰে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ।

৬ নং দফাক লৈ বিশেষজ্ঞ কমিটীয়ে দিয়া প্ৰতিবেদন কাৰ্যকৰী কৰিব বুলি গৃহমন্ত্ৰী অমিত শ্বাহে দিয়া প্ৰতিশ্ৰুতি পালন কৰাৰ পৰিৱৰ্তে বিশেষজ্ঞ কমিটীয়ে দিয়া প্ৰতিবেদন গ্ৰহন কৰাৰ বাবেই সময় নোহোৱা বুলি কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰে বৰপেটা জিলা ছাত্ৰ সন্থাই ৷ আজিৰ এই প্ৰতিবাদত অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰাৰ লগতে অসমৰ বিদেশী নাগৰিকৰ সমস্যা সমাধানৰ দাবী জনায় বৰপেটা জিলা ছাত্ৰ সন্থাই ৷

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ বিৰোধীতাৰে সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশমৰ্মে আজি ৰাজ্যজুৰি ক'লা দিৱস পালন কৰা হয় । অসমীয়া জাতিক প্ৰতাৰণা কৰাৰ দাবীত শুকুৰবাৰে আছুৱে ৰাজ্যৰ ভিন্ন ঠাইত ৰূপায়ণ কৰিছিল জোঁৰ সমদলৰ কাৰ্যসূচী । মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ বিৰুধীতাৰে ছাত্ৰ সন্থাই এই প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.