ETV Bharat / state

ৰাজ্যৰ প্ৰতিষ্ঠিত বিৰোধী ৰাজনৈতিক দলসমূহৰ কোনো ভৱিষ্যত নাই : মামুন ইমদাদুল হক চৌধুৰী - aap joining programme held in howly

বৰপেটাৰ হাউলীত আম আদমী পাৰ্টীৰ যোগদান(AAP joining programme in Howly) সমাৰোহ ৷ এই অনুষ্ঠানত উপস্থিত থাকে মামুন ইমদাদুল হক চৌধুৰী ৷ প্ৰায় শতাধিক লোকে শুকুৰবাৰে দলটোত যোগদান কৰে ৷

aap-joining-programme-held-in-howly
হাউলীত আম আদমী পাৰ্টীৰ যোগদান সমাৰোহ
author img

By

Published : May 21, 2022, 12:05 PM IST

বৰপেটা, 21 মে’ : অসমত বিকল্প ৰাজনৈতিক দল হিচাপে আত্মপ্ৰকাশ ঘটোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আপৰ ৷ বিগত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত আম আদমী পাৰ্টীয়ে এখন আসন দখল কৰাৰ পিছত দলটোলৈ ধাৱমান হৈছে বহু লোক ৷ তদুপৰি কংগ্ৰেছ, এআইইউডিএফ-ৰ পৰিৱৰ্তে আম আদমী পাৰ্টীক ৰাজ্যৰ প্ৰধান বিৰোধী দল হিচাপে গঢ় দিয়াৰ প্ৰয়াস "আপ"ৰ ৰাজ্যিক নেতৃত্বৰ ৷

aap-joining-programme-held-in-howly
হাউলীত আম আদমী পাৰ্টীৰ যোগদান সমাৰোহ

তাৰে পৰিপ্ৰেক্ষিতত শুকুৰবাৰে বৰপেটাৰ হাউলীত অনুষ্ঠিত হয় আপৰ যোগদান শিবিৰ(AAP joining programme in Howly) ৷ উল্লেখ্য যে, অলপতে এআইইউডিএফ ত্যাগ কৰি আপত যোগদান কৰিছিল নাওবৈচা সমষ্টিৰ বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে ৷ চৌধুৰীয়ে দাবী অনুসৰি, বিগত দুটা মাহত ৫ লক্ষাধিক সদস্য ভৰ্তি হৈছে আপত ৷ শুকুৰবাৰে যোগদান শিবিৰত উপস্থিত থাকি এই দাবী কৰে চৌধুৰীয়ে ৷

ইপিনে ৰাজ্যৰ প্ৰতিষ্ঠিত বিৰোধী ৰাজনৈতিক দলসমূহৰ কোনো ভৱিষ্যত নাই আৰু এই দলসমূহে বিজেপিৰ সৈতে তিষ্ঠি থাকিব নোৱাৰে বুলিও দাবী কৰে আপৰ নেতাগৰাকীয়ে ৷ বিজেপিক সংগঠিত দল বুলি উল্লেখ কৰি আন বিৰোধী দলসমূহে ফেচবুকৰ লাইক, কমেণ্ট, শ্বেয়াৰ, হাত তালি, টিভিৰ বাইট, জন সমাৱেশকে সংগঠন বুলি ভাবে বুলিও মন্তব্য কৰে আপৰ নেতাগৰাকীয়ে ৷

হাউলীত আম আদমী পাৰ্টীৰ যোগদান সমাৰোহ

আনহাতে, সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে সহাৱস্থানৰ নীতি গ্ৰহণ নকৰিলে আগবাঢ়ি যাব নোৱাৰে বুলি উল্লেখ কৰি সমাজৰ সকলো ক্ষেত্ৰতে সহাৱস্থানৰ নীতি গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷ এক নিৰ্দিষ্ট জাতিকেন্দ্ৰীক ৰাজনীতিৰ পৰিৱৰ্তে সকলো লোকক লৈ আপক ৰাজ্যৰ প্ৰধান বিকল্প শক্তি হিচাপে গঢ় দিবলৈ আহ্বান জনাই প্ৰাক্তন বিধায়ক গৰাকীয়ে ৷

হাউলীৰ দলীয় যোগদান কাৰ্যসূচীত উপস্থিত থাকে আপৰ ৰাজ্যিক সমন্বয়ক ড৹ ভবেন চৌধুৰী, যুটীয়া সমন্বয়ক লক্ষ্মীকান্ত ডুবে, আপৰ মহিলা মৰ্চাৰ সমন্বয়ক অনুৰূপা বড়ো, ব্ৰজেন সন্দিকৈ আদিৰ লগতে বহু নেতা ৷

লগতে চাওক: প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ "আপ"ত যোগদান

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.