জনীয়া,20 আগষ্টঃ বৰপেটা জিলাৰ কলগাছিয়াৰ বৰভিঠাত আমছুৰ উদ্যোগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, সংখ্যালঘূ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্তৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইফালে অতি শীঘ্ৰে ৰঞ্জিত দত্ত, মমিনুল আৱালক গ্ৰেপ্তাৰৰ দাবী কৰিছে আমছুৰ সদস্য সকলে ৷
সমগ্ৰ ৰাজ্যৰ লগতে কলগাছিয়াৰ বৰভিঠাত কলগাছিয়া জিলা আমছুৰ সহযোগ আৰু বৰভিঠা আঞ্চলিক আমছুৰ উদ্যোগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত দত্তৰ প্ৰতিকৃতি দাহ কৰে । সংখ্যালঘু ছাত্ৰ বৃত্তিৰ বাবে কেন্দ্ৰীয় চৰকাৰে আবন্টন দিয়া ৫ শ কোটি টকাৰ কেলেংকাৰীৰ কথা অধ্যক্ষ মমিনুল আৱালে সংবাদমেলত প্ৰকাশ কৰাৰ পিছতেই জাঙুৰ খাই উঠিছে আমছু ৷ সংখ্যালঘূ ছাত্ৰ বৃত্তিৰ নামত হোৱা কেলেংকাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত দত্তই কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে বৃহস্পতিবাৰে বৰভিঠাত মন্ত্ৰী দুজনৰ প্ৰতিকৃতি দাহ কৰে ৷ লগতে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ৷ এই কেলেংকাৰীত সংখ্যালঘু বিভাগৰ অধ্যক্ষ মমিনুল আৱাল আৰু মন্ত্ৰী ৰঞ্জিত দত্ত জড়িত থকাৰ অভিযোগ তুলি মমিনুল আৱাল আৰু ৰঞ্জিত দত্তক গ্ৰেপ্তাৰৰ দাবী জনোৱাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ পদত্যাগৰ দাবী কৰে প্ৰতিবাদকাৰী সকলে।
ঠিক একেদৰে, সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা চৰকাৰৰ দিনত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধনত পুণৰ এই বৃহৎ কেলেংকাৰীৰ হোৱা বুলি অভিযোগ কৰে আমছুৰ সদস্য সকলে । বৃহস্পতিবাৰে আমছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে বৰঘূলী আঞ্চলিক সমিতিয়ে বৰঘূলীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত দত্তৰ প্ৰতিমূৰ্তি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
ইফালে ৰাজ্যত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত কোটি টকাৰ দুৰ্নীতিৰ বিৰুদ্ধে চি বি আইৰ তদন্তৰ দাবীত দৰঙৰ খাৰুপেটীয়াত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত দত্তৰ প্ৰতিকৃতি দাহ কৰে । প্ৰতিবাদকাৰী সকলে মুখ্যমন্ত্ৰী মুৰ্দাবাদ , বিজেপি গ'বেক, ছাত্ৰ বৃত্তিৰ নামত দুৰ্নীতি নচলিব , চি বি আইৰ তদন্ত ঘোষণা কৰক আদি বিভিন্ন ধ্বনিৰে উত্তাল কৰে খাৰুপেটীয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ । উক্ত দুৰ্নীতিৰ বিৰুদ্ধে চি আইৰ তদন্ত ঘোষণা নকৰিলে পৰবৰ্তী সময়ত ব্যাপক আন্দোলন গঢ়ি তোলাৰ হুমকি দিয়ে আমছুৱে ।