ETV Bharat / state

২৭ বছৰে জাতীয় পতাকা প্ৰস্তুত কৰি অহা এজন বিশেষ ব্যক্তি - A person has been preparing the national flag for 27 years

বিগত 27 বছৰ ধৰি জাতীয় পতাকা প্ৰস্তুত কৰি আহিছে কলগাছিয়াৰ এজন বিশেষ ব্যক্তিয়ে ৷ নিজ হাতে ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুত কৰি এই গৰাকী ব্যক্তিয়ে ৰাইজক দি আহিছে স্বাধীনতা দিৱসৰ আগজাননী ৷ কিন্তু কোন এই গৰাকী বিশেষ ব্যক্তি ? গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱস আহিলেই কিয় প্ৰাসংগিক হৈ পৰে এই গৰাকী ব্যক্তি ?

a-special-person-from-kalgasia-who-has-been-preparing-the-national-flag-for-27-years
২৭ বছৰে জাতীয় পতাকা প্ৰস্তুত কৰি অহা এজন বিশেষ ব্যক্তি
author img

By

Published : Aug 13, 2021, 9:43 PM IST

জনীয়া,13 আগষ্ট : স্বাধীনতা দিৱসৰ আগজাননী বিলাই বিগত 27 বছৰ ধৰি জাতীয় পতাকা প্ৰস্তুত কৰি আহিছে কলগাছিয়াৰ পিয়াৰ আলীয়ে ৷ বৰপেটা জিলাৰ কলগাছিয়াত দৰ্জীৰ কাম কৰি জীৱিকা নিৰ্বাহ কৰা পিয়াৰ আলীয়ে জীৱনৰ প্ৰায় 27 টা বছৰ ধৰি জাতীয় পতাকা প্ৰস্তুত কৰি আগবঢ়াই আহিছে দেশ সেৱা ৷ গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱস কাষ চপাৰ লগে লগে আনন্দত উৎফুল্লিত হৈ পৰা পিয়াৰ আলীয়ে নিজ হাতেৰে প্ৰস্তুত কৰি উলিয়াই ভাৰতৰ তিনি বৰণীয়া জাতীয় পতাকাখন ৷

২৭ বছৰে জাতীয় পতাকা প্ৰস্তুত কৰি অহা এজন বিশেষ ব্যক্তি

পিয়াৰ আলীয়ে অতি কম মূল্যত যোগান ধৰা জাতীয় পতাকা সমূহ বৃহত্তৰ কলগাছিয়াৰ লগতে বৰপেটা, বঙাইগাঁও, গোৱালপাৰা, ময়নবৰী, বাঘবৰ আদিত বিক্ৰী হয় ৷ কিন্তু জাতীয় পতাকাক মনে প্ৰাণে ভালপোৱা পিয়াৰ আলী লোকচক্ষুৰ আঁৰতেই থাকি ৰ’ল ৷ স্থানীয় লোকসকলৰ বাহিৰে তেওঁৰ পৰিচিতি বৰ বিশেষ ব্যাপক নহ’ল ৷ কেৱল মাত্ৰ নিজৰ দেশ তথা জাতীয় পতাকাখনৰ প্ৰতি থকা অকৃত্ৰিম ভালপোৱা বাবেই বিগত ২৭ বছৰ ধৰি জাতীয় পতাকা প্ৰস্তুত কৰি আহিছে এই গৰাকী পিয়াৰ আলীয়ে ৷

এনেদৰে ব্যতিক্ৰমী কামেৰে দেশ সেৱা আগবঢ়োৱাৰ পিয়াৰ আলীৰ কৰ্মক ভূয়সী প্ৰশংসা কৰাৰ লগতে পিয়াৰ আলীক ৰাষ্ট্ৰীয় পুৰস্কাৰ দিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃ দুপৰীয়া 12 বজাৰ পাচত কাম আৰম্ভ হোৱা এটা চৰকাৰী কাৰ্যালয় !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.