ETV Bharat / state

বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৰ্মৰত এগৰাকী নাৰ্চৰ মৃত্যু - ডায়েবেটিচ

বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৰ্মৰত এগৰাকী নাৰ্চৰ মৃত্যু ৷ ৰোগৰ লক্ষণলৈ চাই কোভিড-19ত আক্ৰান্ত হৈ নাৰ্চ গৰাকীৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছিল সহকৰ্মী আৰু পৰিয়ালৰ লোকে ৷ অবশ্যে নাৰ্চগৰাকীৰ কোভিড পৰীক্ষাত কোনো লক্ষণ পোৱা নাই বুলি জানিবলৈ দিছে বৰপেটা মেডিকেল কলেজ হাস্পতালৰ অধীক্ষক ডাঃ ববীজিৎ গোস্বামীয়ে ৷

a nurse from barpeta medical college had demised

author img

By

Published : Jun 10, 2020, 3:15 AM IST

বৰপেটা ৯ জুন: বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৰ্মৰত এগৰাকী নাৰ্চৰ মৃত্যু ৷ বিগত কেইবাদিন ধৰি জ্বৰ আৰু মূৰৰ বিষত ভুগি আছিল নাৰ্চগৰাকীয়ে ৷ মৃত নাৰ্চগৰাকী অপৰাজিতা দাস তালুকদাৰ (৫০) ৷ পাঠশালাৰ জ্যোতিনগৰত ঘৰ নাৰ্চগৰাকীৰ ৷ ৰোগৰ লক্ষণলৈ চাই কোভিড-19ত আক্ৰান্ত হৈ নাৰ্চ গৰাকীৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছিল সহকৰ্মী আৰু পৰিয়ালৰ লোকে ৷ অবশ্যে নাৰ্চগৰাকীৰ কোভিড পৰীক্ষাত কোনো লক্ষণ পোৱা নাই বুলি জানিবলৈ দিছে বৰপেটা মেডিকেল কলেজ হাস্পতালৰ অধীক্ষক ডাঃ ববীজিৎ গোস্বামীয়ে ৷

a nurse from barpeta medical college had demised
বৰপেটা মেজিকেল কলেজ হাস্পতালত কৰ্মৰত এগৰাকী নাৰ্চৰ মৃত্যু
কোভিড ১৯ ৰ ফলাফল অহাৰ পিচতে হাস্পতাল কৰ্তৃপক্ষই স্বস্তিৰ নিশ্বাস পেলাইছে ৷ নাৰ্চগৰাকী ডায়েবেটিচ আৰু উচ্চ ৰক্তচাপত ভুগি থকাৰ পিচত সোমবাৰে গুৱাহাটীৰ কেইবাখনো ব্যক্তিগত নাৰ্চিং হোমলৈ চিকিৎসাৰ বাবে নিয়া হৈছিল ৷ কিন্তু জ্বৰ আৰু মুৰৰ বিষৰ লক্ষণ দেখি নাৰ্চিং হোমত ভৰ্তি নকৰিলে মহিলাগৰাকীক ৷ ইপিনে জিএমছিএইছত আইচ'লেচন ৱাৰ্ডত মহিলাগৰাকীক ভৰ্তি কৰিবলৈ দিয়া হৈছিল যদিও নিশা মহিলাগৰাকী ঘৰলৈ ঘুৰি আহিছিল ৷ সোমবাৰে নিশা শুই থকা অৱস্থাতে মৃত্যুমুখত পৰা নাৰ্চগৰাকীক লৈ বৰপেটা মেডিকেল কলেজ হাস্পতাল আৰু পৰিয়ালৰ মাজত সৃষ্টি হৈছিল হাহাকাৰ অৱস্থাৰ ৷ অবশ্যে কোভিড-19 পৰীক্ষাৰ ফলাফল অহাৰ পিচত বুধবাৰে মহিলাগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হ'ব ৷ সম্প্ৰতি বৰপেটা মেডিকেল কলেজ হাস্পতালত ৰখা হৈছে নাৰ্চগৰাকীৰ মৃতদেহ ৷

লগতে পঢ়ক : গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ ৰমেন তালুকদাৰক বদলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.