ETV Bharat / state

বাল্য বিবাহ : কলগাছিয়াত দ্বিতীয়বাৰৰ বাবে উদ্ধাৰ এগৰাকী বিবাহিতা কিশোৰী - চাইল্ড লাইন

মঙলবাৰে নিশা কলগাছিয়াত পিতৃগৃহৰ পৰা 17 বছৰীয়া এগৰাকী বিবাহিতা কিশোৰীক দ্বিতীয়বাৰৰ বাবে উদ্ধাৰ কৰিছে বৰপেটা চাইল্ড লাইন আৰু কলগাছিয়া আৰক্ষীয়ে ৷ 4 মাহ পূৰ্বে এজন বিবাহিত পুৰুষৰ সৈতে কিশোৰীগৰাকীক বিয়া দিছিল পিতৃ-মাতৃয়ে ৷ কিশোৰীগৰাকীক উদ্ধাৰ কৰাৰ পাচত পিতৃ-মাতৃ আৰু কিশোৰীগৰাকীৰ স্বামীৰ বিৰুদ্ধে প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় চাইল্ড লাইনে ৷

kalgachia child marriage
কলগাছিয়াত পুনৰ উদ্ধাৰ বিবাহিতা কিশোৰী
author img

By

Published : Dec 2, 2020, 1:17 PM IST

জনীয়া,2 ডিচেম্বৰ : বৰপেটা চাইল্ড লাইনৰ তৎপৰতাত মঙলবাৰে নিশা কলগাছিয়াৰ পিতৃগৃহৰ পৰা দ্বিতীয়বাৰৰ বাবে উদ্ধাৰ হৈছে 17 বছৰীয়া এগৰাকী বিবাহিতা কিশোৰী । 4 মাহ পূৰ্বে হাফিজুৰ ৰহমান নামৰ এজন বিবাহিত পুৰুষৰ সৈতে কিশোৰীগৰাকী বিবাহপাশত আৱদ্ধ হোৱা বুলি জানিব পৰা গৈছে ৷

কেন্দ্ৰীয় চৰকাৰে দেশত বাল্য বিবাহ বিৰোধী আইন কাৰ্যকৰী কৰাৰ পাচতো বৰপেটা জিলাৰ পৰা চাইল্ড লাইন নামৰ সংস্থা আৰু কলগাছিয়া আৰক্ষীয়ে এগৰাকী কিশোৰীক পুনৰবাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । কলগাছিয়াৰ মফিজ উদ্দীনৰ 17 বছৰীয়া কন্যাক বিগত 4 মাহ পূৰ্বে বৰপেটাৰ কদমগুৰিৰ আফাজ উদ্দীনৰ পুত্ৰ বিবাহিত হাফিজুৰ ৰহমানৰ সৈতে বিয়া দিয়ে ৷

কলগাছিয়াত পুনৰ উদ্ধাৰ বিবাহিতা কিশোৰী

ইয়াৰ পাচত বৰপেটা চাইল্ড লাইনে হাফিজুৰ ৰহমানৰ ঘৰৰ পৰা কিশোৰীগৰাকীক উদ্ধাৰ কৰি পিতৃ মফিজ উদ্দীনৰ হাতত গতাই দিয়ে । পূৰ্বে মফিজ উদ্দিনে কন্যাক আগলৈ লিখা-পঢ়া কৰোৱাৰ লগতে ভালদৰে ৰাখিব বুলি চাইল্ড লাইনক প্ৰতিশ্ৰুতি দিছিল । কিন্তু মফিজ উদ্দিনে কন্যাক স্কুলত নাম লগাই দিয়াৰ পৰিৱৰ্তে পুনৰ স্বামীগৃহত পঠিয়াই দিয়াৰ উপৰিও স্বামী হাফিজুৰ ৰহমানে মফিজ উদ্দীনৰ ঘৰলৈ অহা-যোৱাৰ খবৰ চাইল্ড লাইনে লাভ কৰে ।

উক্ত খবৰৰ ভিত্তিতে চাইল্ড লাইন আৰু কলগাছিয়া আৰক্ষীয়ে মফিজ উদ্দীনৰ ঘৰত উপস্থিত হৈ কিশোৰী গৰাকীক উদ্ধাৰ কৰি পাঠশালাৰ শিশু সুৰক্ষা গৃহলৈ লৈ যায় । ঘটনা সন্দৰ্ভত চাইল্ড লাইনে কিশোৰী গৰাকীৰ পিতৃ-মাতৃ আৰু হাফিজুৰ ৰহমানৰ বিৰুদ্ধে প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে মৰাণত আৰম্ভ হৈছে অসম দিৱস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.