ETV Bharat / state

বুধবাৰে বৰপেটাত ক’ভিড-19 ত আক্ৰান্ত ৮৯ জন লোক - চিকিৎসাধীন অৱস্থাত

বুধবাৰে বৰপেটাত ক’ভিড-19 ত আক্ৰান্ত হৈছে ৮৯ গৰাকীকৈ লোক ৷ এই পৰ্যন্ত জিলাখনত ক'ভিড আক্ৰান্তৰ সংখ্যা ৭৯৫ জন ৷ জিলাখনত কৰ’ণা আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৮ জন ৷

89-people-got-covid-possitive-wednessday-in-barpeta
বুধবাৰে বৰপেটাত ক’ভিড-19 ত আক্ৰান্ত ৮৯ জন লোক
author img

By

Published : Apr 28, 2021, 10:50 PM IST

বৰপেটা, ২৮ এপ্ৰিল : বৰপেটা জিলাত বুধবাৰে নতুনকৈ ক’ভিড-19 ত আক্ৰান্ত হৈছে ৮৯ গৰাকীকৈ লোক ৷ জিলাখনৰ ভিন্ন প্ৰান্তৰ ৩৬৫১ জন লোকক কৰা ক'ভিড পৰীক্ষাৰ অন্তত ৮৯ জন লোকৰ দেহত ধৰা পৰে ক’ভিড-19 ৰ অৱস্থিতি ৷ এই পৰ্যন্ত বৰপেটা জিলাত মুঠ ক'ভিড আক্ৰান্তৰ সংখ্যা ৭৯৫ জনলৈ বৃদ্ধি পালে ৷ ইপিনে বুধবাৰৰ দিনটোত বৰপেটা মেডিকেল কলেজ হাস্পতালত মৃত্যুবৰণ কৰে কৰ’ণা আক্ৰান্ত দুজন লোকে ৷ বৰপেটা মেডিকেল কলেজ হাস্পতালৰ ক'ভিড ৱাৰ্ডত চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা লোক দুজন ভেল্লা গাঁৱৰ তাইজুৰ ৰহমান (৬৫) আৰু ৰাউলী গাৱৰ জ্যোতিষ নাথ (৪৮) ৷

বৰপেটা মেডিকেল কলেজ হাস্পতালৰ ক'ভিড আই চি ইউত চিকিৎসাধীন হৈ থকা এই দুই কৰ’ণা ৰোগীৰ মৃত্যু হোৱাৰ ফলত বৰপেটাত কৰ’ণা আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৮ জনলৈ বৃদ্ধি পালে ৷ ইপিনে শেহতীয়া তথ্য অনুসৰি জিলাখনত একাংশ কৰ’ণাত আক্ৰান্ত ৰোগীয়ে আৰোগ্য লাভ কৰাৰ বিপৰীতে বৰ্তমান চিকিৎসাধীন হৈ আছে ৬৭৯ গৰাকী ক’ভিড ৰোগী ৷

লগতে পঢ়ক : ভূমিকম্পত চতিয়াৰো ভিন্ন প্ৰান্তত ক্ষয়-ক্ষতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.