ETV Bharat / state

সুস্থ হৈ ঘৰলৈ উভতিল ৮ গৰাকী COVID-19 পজিটিভ ৰোগী

author img

By

Published : May 31, 2020, 10:05 AM IST

বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন ৫১ জন কোভিড পজিটীভ ৰোগীৰ ভিতৰত সুস্থ হৈ উঠা ৮ জন ৰোগীক হাস্পতালৰ পৰা মুকলি কৰি দিয়া হৈছে ৷

8 PEOPLE CURED FROM COVID19 IN BARPETA MEDICAL COLLEGE
সুস্থ হৈ ঘৰলৈ উভতিল ৮ গৰাকী COVID-19 পজিটিভ ৰোগী

বৰপেটা, ৩০ মে'ঃ বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত সুস্থ হৈ উঠিল ৮গৰাকী কোৰোণা আক্ৰান্ত ৰোগী ৷ সুস্থ হৈ উঠা ৰোগীকেইজন হৈছে- বৰপেটাৰ শুক মানাহ গাৱৰ নজৰুল ইছলাম, নলবাৰীৰ মুকালমুৱা কালাকুছিৰ ছহিদুল ইছলাম, বাক্সা সুৱনখাটাৰ তিলক লামা আৰু কোকৰাঝাৰ টেহৰখাটাৰ সঞ্জিত ৰয় ৷ আনহাতে বাক্সা গোৱৰ্ধনাৰ ৰাজীৱ ছেত্ৰী আৰু কালীবাহাদুৰ লিম্বুৰ লগতে ধুবুৰী গোলকগঞ্জৰ মিনতি ৰয় আৰু ওডালগুৰি জিলাৰ বেংমাৰীৰ নেৰচন দৈমাৰীও সুস্থ হৈ উঠিছে ৷ সুস্থ হৈ উঠা লেককেইজনক শনিবাৰে হাস্পতাল কতৃপক্ষই ঘৰলৈ যাবলৈ দিয়ে ৷

শনিবাৰে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডা৹ ববীজিৎ গোস্বামী, কোভিড ন'ডেল বিষয়া ডা৹ সুৰেশ শৰ্মা, উপ অধীক্ষক ডা৹ দিগন্ত দাস, ডা৹ ৰক্তিম বৰগোহাই আৰু অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপে সুস্থ হৈ উঠা ৰোগীকেইগৰাকীক ফল-মূল, চকলেট, মিঠাই আদিৰ টোপোলা প্ৰদানেৰে আনুষ্ঠানিকভাৱে হাস্পতালৰ পৰা বিদায় সম্ভাষণ জনায় ৷ বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন ৫১ জন কোভিড পজিটীভ ৰোগীৰ ভিতৰত সুস্থ হৈ উঠা ৮ জন ৰোগীক হাস্পতালৰ পৰা মুকলি কৰি দিয়া হৈছে ৷ অৱশ্যে হাস্পতালৰ পৰা ঘৰলৈ যোৱাৰ পিচত তেওঁলোক ১৩ জুন পৰ্যন্ত ১৪ দিনৰ হোম কোৱাৰেন্টাইনত থাকিব লাগিব বুলি অধীক্ষক ডা৹ ববীজিৎ গোস্বামীয়ে জানিবলৈ দিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.