ETV Bharat / state

লক্ ডাউনৰ ফলত কোটি কোটি টকাৰ লোকচান সৰ্থেবাৰীৰ কাঁহশিল্পৰ - সৰ্থেবাৰীৰ কাঁহশিল্পৰ 6কোটি টকাৰ পাৰিশ্ৰমিক ক্ষতি

লক্ ডাউনৰ ফলত সৰ্থেবাৰীৰ কাঁহশিল্পৰ 6 কোটি টকাৰ পাৰিশ্ৰমিক ক্ষতি ৷ এনে বৃহৎ ক্ষতিৰ বাবে চৰকাৰক বিশেষ পেকেজ ঘোষণাৰ আহ্বান কাঁহশিল্পীৰ ৷ লগতে পূৰ্বতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা ১ কোটি টকাৰ আৰ্থিক সাহায্য বৰ্তমানলৈকে নোপোৱাৰ অভিযোগ কাঁহশিল্পীসকলৰ ৷

6crore loss of bell metal industry at barpeta sarthebari
লক্ ডাউনৰ ফলত কোটি টকাৰ লোকচান সৰ্থেবাৰীৰ কাঁহশিল্পৰ
author img

By

Published : May 2, 2020, 7:53 PM IST

বৰপেটা, ২ মে'ঃ কৰ'ণা মহামাৰী আৰু লক্ ডাউনে সংকট কঢ়িয়াই আনিছে থলুৱা শিল্পলৈ ৷ বিশেষকৈ কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজত্বৰো পূৰ্বৰ পৰাই নিজস্ব গৰিমা প্ৰদৰ্শন কৰি অহা সৰ্থেবাৰীৰ থলুৱা কাঁহ শিল্পটোৰ প্ৰতি কৰ'ণা মহামাৰীয়ে কঢ়িয়াই আনিছে গভীৰ সংকট ৷ লক্ ডাউন আৰম্ভ হোৱাৰ দুমাহ পূৰ্বৰ পৰাই সৰ্থেবাৰীৰ কাঁহ শিল্পৰ ওপৰত পৰিছিল কৰ'ণাৰ প্ৰভাৱ ৷ চীনত কৰ'ণাই মহামাৰীৰ সৃষ্টি কৰাৰ ফলত বন্ধ হৈ পৰিছিল সকলো বাণিজ্যিক পথ ৷ তেতিয়াৰ পৰাই সৰ্থেবাৰীৰ পৰা সৰবৰাহ হোৱা নাই কাঁহৰ সামগ্ৰী ৷

লক্ ডাউনৰ ফলত কোটি কোটি টকাৰ লোকচান সৰ্থেবাৰীৰ কাঁহশিল্পৰ

বৰপেটাৰ সৰ্থেবাৰীত থলুৱা শিল্পীয়ে প্ৰস্তুত কৰা কাঁহৰ সামগ্ৰীৰ ব্যাপক চাহিদা আছে চীন, জাপান, তিব্বত, নেপাল, ম্যানমাৰ, থাইলেণ্ড আদি কেইবাখনো দেশত ৷ পিছে কৰ'ণাৰ বাবে চীনৰ লগতে আন দেশসমূহতো বন্ধ হৈ আছে কাঁহৰ সামগ্ৰীৰ ৰপ্তানি ৷ আনহাতে বহুকেইখন দেশৰ পৰা কেঁচামাল অহাৰ পথসমূহো বন্ধ হৈ পৰাৰ ফলত মাধমাৰ পৰিছে সৰ্থেবাৰীৰ কাঁহশিল্পৰ ওপৰত ৷ কঁহাৰ শিল্পীসকলে জনোৱা মতে কৰ'ণাৰ বাবে দুমাহৰো অধিক কাল গঢ়শালসমূহ বন্ধ হৈ পৰাৰ ফলত কঁহাৰ শিল্পীসকলে হেৰুৱাবলগীয়া হৈছে প্ৰায় 6 কোটিৰো অধিক টকাৰ মজুৰি ৷ আনহাতে দুমাহৰো অধিকসময় গঢ়শাল আৰু সকলো ধৰণৰ বাণিজ্যিক লেনদেন বন্ধ হৈ পৰাৰ ফলত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কাঁহ শিল্পৰ সৈতে জড়িত প্ৰায় পোন্ধৰ হাজাৰৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে ৷

ঐতিহ্যমণ্ডিত শিল্পটোৰ সন্মুখত আহি পৰা দুৰ্যোগৰ পৰা প্ৰাচীন শিল্পটোক উদ্ধাৰৰ বাবে ৰাজ্য চৰকাৰে বহন কৰিব লাগিব তীব্ৰ প্ৰত্যাহ্বান ৷ তাৰবাবে চৰকাৰ আৰু উদ্যোগ বিভাগক বিশেষ আঁচনি গ্ৰহণৰো আহ্বান জনাইছে কঁহাৰ শিল্পীসকলে ৷ যদিহে চৰকাৰে সৰ্থেবাৰীৰ কাঁহশিল্পৰ উন্নয়নৰ বাবে বিশেষ আঁচনি গ্ৰহণ নকৰে তেন্তে শিল্পটো সন্মুখীন হ'ব লাগিব বৃহৎ বিপৰ্যয়ৰ ৷ এইক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক বিশেষ আঁচনি গ্ৰহণৰ আহ্বান জনাইছে শিল্পীসকলে ৷ আনহাতে সৰ্থেবাৰীৰ থলুৱা কাঁহশিল্পটোৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এবছৰ পূৰ্বেই এক কোটি টকাৰ আৰ্থিক অনুদানৰ কথা ঘোষণা কৰিছিল যদিও আজিলৈকে চৰকাৰে ধনখিনি মোকলাই নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ সেয়ে থলুৱা সন্মান আৰু ঐতিহ্য ৰক্ষাৰ স্বাৰ্থত শিল্পটোৰ নামত ঘোষণা কৰা ১ কোটি টকা শীঘ্ৰে মোকলাই দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে কঁহাৰ শিল্পীসকলে ৷

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.