ETV Bharat / state

Asom Natya Sanmilan: অসম নাট্য সন্মিলনৰ 61 সংখ্যক অধিৱেশনৰ সামৰণি - Minister Rajit Dass

সামৰণি পৰিল বৰপেটাৰোডত পাঁচ দিনীয়াকৈ অনুষ্ঠিত হোৱা অসম নাট্য সন্মিলনৰ 61 সংখ্যক অধিৱেশনৰ ৷ অধিৱেশনত কেইবাগৰাকীও ব্যক্তিলৈ সন্মান আগবঢ়োৱাৰ লগতে বহুকেইটা নাট্য গোষ্ঠীয়ে নাটক মঞ্চস্থ কৰে ৷

Asom Natya Sanmilan
অসম নাট্য সন্মিলনৰ 61 সংখ্যক অধিৱেশনৰ সামৰণি
author img

By

Published : Jan 22, 2023, 10:03 PM IST

অসম নাট্য সন্মিলনৰ 61 সংখ্যক অধিৱেশনৰ সামৰণি

বৰপেটাৰোড, ২২জানুৱাৰী : দেওবাৰে সামৰণি পৰিল বৰপেটাৰোডত অনুষ্ঠিত হোৱা অসম নাট্য সন্মিলনৰ 61 সংখ্যক অধিৱেশনৰ(Asom Natya Sanmilan) ৷ অধিৱেশনৰ অন্তিম দিনৰ কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী বিমল বড়া আৰু মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷ উল্লেখ্য যে, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নেতৃত্বত 1959 চনত ডিব্ৰুগড় চহৰত জন্ম লাভ কৰা অসম একাংক নাট্য সন্মিলনখনে সময়ৰ সোঁতত ৰূপান্তৰৰ মাজেদি অসম নাট্য সন্মিলন হিচাপে পৰিচিত হৈ পৰে(Asom Natya Sanmilan in Barpeta) ৷

সামৰণি অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী বিমল বড়াই(Minister Bimal Bora) কয় যে, অসমৰ নাট্য আন্দোলন সু-সংঘবদ্ধভাৱে আগবঢ়াই নিবলৈ সেই সময়ত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে গঠন কৰা নাট্য সন্মিলনখনিয়ে 61 বছৰত ভৰি দিছে ৷ বৰপেটাৰোডত অনুষ্ঠিত অধিৱেশনখনৰ জড়িয়তে এক সুন্দৰ বাতাবৰণ সৃষ্টি হৈছে ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে চিহ্নযাত্ৰাৰে আৰম্ভ কৰা নাটকৰ এই ধাৰাটোক অসম নাট্য সন্মিলনে আধুনিক ৰূপত শক্তিশালীভাৱে আগুৱাই লৈ যাব বুলিও আশা প্ৰকাশ কৰে মন্ত্ৰী বিমল বড়াই ৷

উল্লেখ্য যে, বিগত 18 জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা নাট্য সন্মিলনৰ এই অধিৱেশনত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ কেইবাটাও নাট্যদলে অংশগ্ৰহণ কৰে ৷ দেওবাৰে অধিৱেশনৰ অন্তিম দিনাৰ কাৰ্যসূচীত অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ পৰা জি এল আগৰৱালা সোঁৱৰণি শিল্পী বঁটা বিশিষ্ট আলোক শিল্পী কল্যান দে'ক আৰু তৰণীকান্ত ৰয় জীৱনজোৰা সাধনা বঁটা আগবঢ়োৱা হয় বলিউডৰ বিশিষ্ট পৰিচালক এম.কে. ৰাইনাক ।

অনুষ্ঠানত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস(Minister Rajit Kumar Dass) আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বড়া, জি এল পাব্লিকেছনৰ মহাপ্ৰৱন্ধক প্ৰণৱ তালুকদাৰো উপস্থিত থাকে । অধিৱেশনখন দেওবাৰে সামৰণি পৰে যদিও অধিৱেশনৰ লগত সংগতি ৰাখি আয়োজন কৰা গ্ৰন্থ আৰু বাণিজ্য মেলা 24 জানুৱাৰীলৈ চলিব । সেই উপলক্ষে সোমবাৰ আৰু 24 জানুৱাৰীত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি আয়োজক সমিতিয়ে সংবাদমাধ্যমৰ আগত অৱগত কৰিছে ৷

উল্লেখ্য যে, 21 বছৰ পূৰ্বেই বৰপেটাৰোডত অনুষ্ঠিত হৈছিল অসম নাট্য সন্মিলন ৷ এইবাৰৰ অধিবেশনত সংগীত নাটক একাডেমিৰ নাটক, এন এছ ডিৰ নাটক, শিশু নাটৰ উপৰিও স্থানীয় নাট শিল্পীয়েও কেবাখনো নাট মঞ্চস্থ কৰে ৷ আনহাতে অসম নাট্য সন্মিলনৰ বৰপেটাৰোড অধিৱেশৰ লাইখুঁটা 25 ডিচেম্বৰ স্থাপন কৰিছিল মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

লগতে পঢ়ক: Peace talk with ULFA I: থলগিৰিয়ে নিৰ্ধাৰণ কৰিব সাৰ্বভৌমত্বৰ প্ৰাসংগিকতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.