ETV Bharat / state

জোনাইত পঞ্চম বাৰ্ষিক ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন

author img

By

Published : Sep 10, 2022, 10:26 PM IST

পহিলা ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে সমগ্ৰ দেশজুৰি পাল কৰা হয় ৰাষ্ট্ৰীয় পোষণ মাহ ৷ শনিবাৰে এই মাহৰ কাৰ্যসূচীৰ অংশ হিচাবে মূৰ্কংচেলেক সংহত শিশু উন্নয়ন প্ৰকল্প, মূৰ্কংচেলেক উন্নয়ন খণ্ড আৰু জোনাই সামূহিক স্বাস্থ্য কেন্দ্ৰৰ সৌজন্যত পঞ্চম বাৰ্ষিক ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন কৰা হয় (5th Annual National Nutrition Month celebrated at Jonai)৷

5th Annual National Nutrition Month celebrated
জোনাইত পঞ্চম বাৰ্ষিক ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন

জোনাই, ১০ ছেপ্টেম্বৰ : মূৰ্কংচেলেক সংহত শিশু উন্নয়ন প্ৰকল্প, মূৰ্কংচেলেক উন্নয়ন খণ্ড আৰু জোনাই সামূহিক স্বাস্থ্য কেন্দ্ৰৰ সৌজন্যত পঞ্চম বাৰ্ষিক ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে শনিবাৰে চমকং ৰংগমঞ্চত পোষণ পঞ্চায়ত কাৰ্যসূচী উদযাপন কৰা হয় (5th Annual National Nutrition Month celebrated at Jonai) । চমকং গাঁও পঞ্চায়তৰ সভাপতি সুকুৰাম ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় মূৰ্কংচেলেক সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া পৰিস্মৃতা শইকীয়াই ।

সভাত ৰাষ্ট্ৰীয় পোষণ মাহৰ তাৎপৰ্য ব্যাখ্যা কৰি জোনাই মহকুমা নিৰ্বাচনী বিষয়া গায়ত্ৰী পাতিৰে কয়, পহিলা ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে সমগ্ৰ ভাৰতবৰ্ষজুৰি ৰাষ্ট্ৰীয় পোষণ মাহ হিচাপে পালন কৰা হয় ৷ ইয়াৰ জৰিয়তে গৰ্ভৱতী, প্ৰসূতি, শিশু, কিশোৰ-কিশোৰীসকলে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰি যাতে নিজক পৰিপুষ্ট কৰি ৰাখিব পাৰে ৷

সুষম খাদ্যৰ দ্বাৰা সুস্থ শাৰীৰিক স্বাস্থ্যৰ গৰাকী হ’ব পাৰে, সেই বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাটোৱেই মূল উদ্দেশ্য বুলি বক্তব্য ৰাখে । অনুষ্ঠানত নিৰ্দিষ্ট বক্তাৰ ভাষণত জোনাই মহকুমা স্বাস্থ্য বিষয়া ডাঃ কিশোৰ কামানে কয়, ‘‘পোষণ অভিযান বা ৰাষ্ট্ৰীয় পুষ্টি অভিযান হৈছে ভাৰত চৰকাৰৰ এক জনকল্যানমূলক কাৰ্যসূচী’’।

লগতে পঢ়ক : সংবাদ কৰ্মীক অভব্য আচৰণ অংগনবাড়ী কৰ্মীৰ

এই অভিযান ৬ বছৰ বয়সলৈকে শিশু, কিশোৰী, গৰ্ভৱতী মহিলা আৰু স্তনপান কৰাই থকা মাতৃসকলৰ পুষ্টিগত স্থিতি উন্নত কৰাৰ বাবে আৰম্ভ কৰা হৈছে এই অভিযান ৷ থলুৱা, ঔষধি আৰু সুষম খাদ্য গ্ৰহণ কৰি স্বাস্থ্যৰ পৰিপূৰক অৱস্থালৈ উপনীত কৰোৱাৰ ক্ষেত্ৰত হিতাধীকাৰীক সজাগ কৰিবলৈ এই কাৰ্যসূচী গ্ৰহণ কৰা হয় বুলি বক্তব্য দাঙি ধৰে ।

পুষ্টিকৰ আহাৰৰ প্ৰয়োজনীয়তা বিষয়ত প্ৰফুল্ল কামান, মাতৃদুগ্ধ আৰু পৰিপূৰক খাদ্যৰ প্ৰয়োজনীয়তা বিষয়ত জোনাই সংহত শিশু উন্নয়ন প্ৰকল্পৰ বাহিৰ জোনাই আৰু বাহিৰ চিলে চক্ৰৰ মুখ্য সেৱিকা বিমলা বসুমতাৰী, কিশোৰীসকলৰ ঋতুস্বাৱৰ সময়ত পৰিস্কাৰ-পৰিচন্নতা বিষয়ত ডেকাপাম আৰু মিছামৰা চক্ৰৰ মুখ্য সেৱিকা মণি বৰপাত্ৰ গোঁহাইয়ে শিশু, গৰ্ভৱতী মহিলা, প্ৰসূতিসকলৰ উদ্দেশ্যি শৃংখলালদ্ধ আৰু প্ৰণালীবদ্ধভাৱে স্বাস্থ্যসন্মত দিশৰ বিষয়ত ভাষণ আগবঢ়ায় ।

উক্ত অনুষ্ঠানত থলুৱা আৰু ঔষধি খাদ্যও প্ৰদৰ্শন কৰা হয় । সভাত জোনাই সংহত শিশু উন্নয়ন প্ৰকল্পৰ চমকং আৰু লামাজান চক্ৰৰ মুখ্য সেৱিকা শশীপ্ৰভা সোণোৱাল, জোনাই বজাৰ, কেমি জেলম্, ৰায়াং বিজয়পুৰ, লাইমেকুৰী, ছিগা, চিমেন চাপৰি আদি চক্ৰৰ মুখ্য সেৱিকাসকল, কেবাগৰাকী জীৱিকা সখী, কেবাটাও অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী তথা সহায়িকা, পঞ্চায়ত প্ৰতিনিধি, শিশু, গৰ্ভৱতী মহিলা, প্ৰসূতি, অভিভাৱিকাসকল উপস্থিত থাকে ।

লগতে পঢ়ক : মাতৃৰ সন্মুখেৰে চোঁচৰাই লৈ যোৱা হ’ল ভিক্টৰ দাসক, প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মাতৃয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.