ETV Bharat / state

ভ্ৰাম্যমাণ থিয়েটাৰৰ সোণোৱালী যাত্ৰাই অতিক্ৰম কৰিলে 57 টা বছৰ

author img

By

Published : Oct 2, 2020, 9:47 PM IST

‘ভোগজৰা’ নাটৰে আৰম্ভ হোৱা ভ্ৰাম্যমানৰ সোণোৱালী যাত্ৰাই অতিক্ৰম কৰিলে 57 টা বছৰ ৷ বজালীৰ ভ্ৰাম্যমাণ শিল্পী সকলক লৈ এখন জীৱনী গ্ৰন্থ প্ৰকাশ কৰাৰ কথা ঘোষণা কৰে পাঠশালা আনন্দৰাম বৰুৱা একাডেমীৰ ৰেক্টৰ ড৹ ৰণজিৎ ডেকাই ৷

ভ্ৰাম্যমানৰ সোনোৱালী যাত্ৰাই অতিক্ৰম কৰিলে  57 টা বছৰ

পাঠশালা, 1 অক্টোবৰ: আজি ভ্ৰাম্যমাণৰ ওপজা দিন ৷ ‘ভোগজৰা’ নাটৰে আৰম্ভ হোৱা ভ্ৰাম্যমানৰ এই সোণোৱালী যাত্ৰাই অতিক্ৰম কৰিলে 57 টা বছৰ ৷

পাঠশালাৰ হৰিমন্দিৰ প্ৰাংগণত অচ্যুৎ লহকৰে আৰম্ভ কৰিছিল ভ্ৰাম্যমাণৰ যাত্ৰা ৷ গৌৰৱৰ জখলাৰে আগুৱাই যোৱা ভ্ৰাম্যমাণৰ এই যাত্ৰাই পাৰ কৰি আহিছে বহুতো বহু ঘাত-প্ৰতিঘাত ৷ শুকুৰবাৰে পাঠশালাৰ হৰিমন্দিৰ প্ৰাংগণত উদযাপন কৰা হ’ল ভ্ৰাম্যমাণৰ ওপজা দিন ৷ এই অনুষ্ঠানত 15 গৰাকী প্ৰবীন ভ্ৰাম্যমাণ শিল্পীক সম্বৰ্ধনা জনোৱা হয় ৷

এই অনুষ্ঠানত অসমৰ একমাত্ৰ বড়ো থিয়েটাৰৰ প্ৰযোজক চন্দ্ৰকান্ত মুছাহাৰী তথা জনপ্ৰিয় অভিনেতা সঞ্জীৱ শৰ্মাই ভ্ৰাম্যমান থিয়েটাৰৰ সংকট কালৰ কথা ব্যক্ত কৰে ৷ একে সময়তে আজি এই অনুষ্ঠানত কেক কাটি ভ্ৰাম্যমাণৰ জন্মদিন পালন কৰা হয় ৷

ইপিনে শিল্পী হীৰেন মেধিয়ে বৰ্তমান ভ্ৰাম্যমাণ শিল্পীৰ পানীত হাঁহ নচৰা অৱস্থা ব্যক্ত কৰাৰ লগতে অচ্যুত লহকৰদেৱৰ পত্নী কিৰণ লহকৰে আজিৰ শুভ দিনটোত নিজৰ শুভকামনা ব্যক্ত কৰে ৷ ইয়াৰ পাছতে বজালীৰ ভ্ৰাম্যমাণ শিল্পী সকলক লৈ এখন জীৱনী গ্ৰন্থ প্ৰকাশ কৰাৰ কথা ঘোষণা কৰে পাঠশালা আনন্দৰাম বৰুৱা একাডেমীৰ ৰেক্টৰ ড৹ ৰণজিৎ ডেকাই ৷

উল্লেখযোগ্য যে, এই অনুষ্ঠানত চন্দ্ৰকান্ত মুছাহাৰী, অভিনেতা সঞ্জীৱ শৰ্মা, ৰাজকুমাৰ, নিৰ্মল লহকৰ, কল্প কুমাৰ কাকতি, নাৰায়ণ বৰুৱা, ৰজনী পাটগিৰি আদি শিল্পী সকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷

লগতে পঢ়ক :জনা নজনা বহু কথাৰে ইটিভি ভাৰতত যতীন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.