ETV Bharat / state

ঘৰৰ মাজেৰে পানী বৈ যোৱাত ৫ জন লোকে কাটিলে নৱ-নিৰ্মিত পথ !

author img

By

Published : Jul 13, 2019, 10:22 AM IST

ঘৰৰ মাজেৰে পানীৰ সোঁত বৈ যোৱাৰ বাবে কাটি দিলে নৱ-নিৰ্মিত পথ । ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া । থানাত গোচৰ ঠিকাদাৰৰ ৷

৫ জন লোকে কাটি দিলে নৱ-নিৰ্মিত পথ !

জনীয়া, ১৩ জুলাই :বেঁকী নৈৰ বাঢ়নী পানীয়ে বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰ এলেকাত এক শোচনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে । এলেকাটোৰ প্ৰত্যেকখন ঘৰতে একাঁঠু পানী হোৱা পৰিলক্ষিত হৈছে । ঠায়ে ঠায়ে পথৰ ওপৰেৰে পানী বাগৰি খহি পৰিছে পথ । পানীৰ সোঁতত খহি গৈছে পকী দলং । কিন্তু ইয়াৰ মাজতে শুকুৰবাৰে নিশা কলগাছিয়াৰ পৰা গুনীয়ালগুৰিলৈ যোৱা বিকল্প নৱ নিৰ্মিত পথটো কাটি দিয়াৰ তথ্য পোহৰলৈ অহাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

৫ জন লোকে কাটি দিলে নৱ-নিৰ্মিত পথ !

কিছু বছৰ পূৰ্বে বানৰ ফলত এই পথটো ছিঙি দ-খাৱৈৰ সৃষ্টি হৈছিল । চলিত বৰ্ষত এই পথছোৱা পুনৰ নিৰ্মাণৰ বাবে চৰকাৰে টকা আবন্টন দিছিল । আৰু দুমাহ পূৰ্বে পথছোৱা নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছিল । কিন্তু শুকুৰবাৰে হঠাৎ বেঁকী নৈৰ পানী বাঢ়ি অহাত খাৱৈটোৰ পশ্চিম প্ৰান্তত পথৰ ওপৰেৰে পানী বাগৰি ৪ টা পৰিয়ালৰ গৃহৰ মাজেৰে পানীৰ সোঁত বৈ যায় । সেয়ে আজি পুৱা ছাদুল্লা, ইউনুচ, মাজেদ, হাবেজ উদ্দীন আৰু বাছেদ নামৰ ৫ জন লোকে নতুনকৈ নিৰ্মাণ হোৱা পথছোৱাৰ ওপৰত থকা জীও বেগ আঁতৰাই দি পানী যাবলৈ দিয়ে বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে । যাৰ ফলত চকুৰ পচাৰতে পথছোৱা পানীৰ সোঁতত ছিঙি যায় । ইতিমধ্যে, পথছোৱা নিৰ্মাণ কৰা ঠিকদাৰজনে অভিযুক্ত ৫ জনৰ বিৰুদ্ধে এক গোচৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে ।

Intro:slug: as_jania_13jul_road_cut_by_publik_spl_pkg_story_vis1+byt3_asc10058

জনীয়া, 13 জুলাই: প্ৰসংগ: বান-পানী। ঘৰৰ মাজেৰে পানীৰ সোঁত বৈ যোৱাৰ বাবে কাটি দিলে নৱ-নিৰ্মিত পথ। ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া। থানাত গোচৰ ঠিকাদাৰৰ।Body:slug: as_jania_13jul_road_cut_by_publik_spl_pkg_story_vis1+byt3_asc10058

বেঁকী নৈৰ বান-পানীয়ে বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰ এলেকাত এক শোচনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। এলেকাটোৰ প্ৰত্যেকটো ঘৰতে এক আঁঠু পানী। ঠায়ে ঠায়ে পথৰ ওপৰেৰে পানী বাগৰি শিঙিছে পথ। পানীৰ সোঁতত খহি গৈছে পকী দলঙৰ অপ্ৰচ। কিন্তু ইয়াৰ মাজতে যোৱা নিশা কলগাছিয়াৰ পৰা গুনীয়ালগুৰিলৈ যোৱা বিকল্প নৱ নিৰ্মিত পথখন কাটি দিয়াৰ তথ্য পোহৰলৈ অহাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে, কেইবছৰ পূৰ্বে বান-পানীৰ বাবে এই পথখন ছিঙি দ-খাৱৈৰ সৃষ্টি হৈছিল। চলিত বৰ্ষত এই পথছোৱা পুনৰ নিৰ্মাণৰ বাবে টকা আবন্টন দিছিল চৰকাৰে। দুমাহ পূৰ্বে পথছোৱা নিৰ্মাণৰ কামো সম্পূৰ্ণ হোৱাত যাতায়তৰ ক্ষেত্ৰত ব্যাপক সুবিধা হৈছিল। কিন্তু কালি হঠাৎ বেঁকী নৈৰ পানী বাঢ়ি অহাত খাৱৈটোৰ পশ্চিম প্ৰান্তত পথৰ ওপৰেৰে পানী বাগৰি ৪ টা পৰিয়ালৰ গৃহৰ মাজেৰে পানীৰ সোঁত বৈ যোৱাত আজি ৰাতিপুৱা ছাদুল্লা, ইউনুচ, মাজেদ, হাবেজ উদ্দীন আৰু বাছেদ নামৰ ৫ জন ব্যক্তিয়ে নতুনকৈ নিৰ্মান হোৱা পথছোৱাৰ ওপৰত থকা জীও বেগ আঁতৰাই দি পানী যাবলৈ দিয়ে বুলি প্ৰত্যক্ষদর্শিয়ে জানিবলৈ দিয়ে। ফলত চকুৰ পচাৰতে পথছোৱা পানীৰ সোঁতত ছিঙি যায়। ইতিমধ্যেই, পথছোৱা নিৰ্মান কৰা ঠিকদাৰে অভিযুক্ত ৫ জনৰ বিৰুদ্ধে এক গোচৰ দাখিল কৰিছে বুলি জানিবলৈ দিয়ে। Conclusion:slug: as_jania_13jul_road_cut_by_publik_spl_pkg_story_vis1+byt3_asc10058

মন্তব্য: ঠিকাদাৰ, আৰু ৰাইজৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.