ETV Bharat / state

বৰপেটা জিলা কাৰাগাৰৰ 34 গৰাকী কাৰাবন্দীৰ দেহত কৰ'ণাৰ অৱস্থিতি

author img

By

Published : Jul 27, 2020, 3:36 PM IST

বৰপেটা জিলা কাৰাগাৰৰ অধীক্ষক গোবিন্দ মালাকাৰে জানিবলৈ দিয়া অনুসৰি,জিলা কাৰাগাৰত বৰ্তমানলৈ 34 গৰাকী কাৰাবন্দীৰ দেহত কৰ'ণাৰ অৱস্থিতি পোৱা গৈছে বুলি উল্লেখ কৰে ৷ উল্লেখ্য যে,কাৰাগাৰত আছে মুঠ 255 গৰাকী কাৰাবন্দী ৷ তাৰ ভিতৰত বৰ্তমানলৈ 74 গৰাকী কাৰাবন্দীৰ COVID পৰীক্ষা সম্পন্ন হৈছে ৷

বৰপেটা জিলা কাৰাগাৰ
বৰপেটা জিলা কাৰাগাৰ

বৰপেটা, ২৭ জুলাই: গুৱাহাটী উচ্চ ন্যায়ালয়ে এক নিৰ্দেশনা জাৰি কৰিছিল কাৰাবন্দী সকলৰ বাবে ৷ সেই নিৰ্দশনা আছিল সকলো কাৰাবন্দীৰে COVID পৰীক্ষাৰ ব্যৱস্থা কৰা ৷ এই নিৰ্দেশমৰ্মে বিগত 24 জুলাইৰ পৰা বৰপেটা জিলা কাৰাগাৰত থকা কাৰাবন্দী সকলৰ মাজত আৰম্ভ কৰিছিল COVID পৰীক্ষা ৷ বৰপেটা জিলা কাৰাগাৰত বৰ্তমান 255 গৰাকী কাৰাবন্দী আছে ৷ ইতিমধ্যে পৰীক্ষা কৰা সম্পন্ন কৰা 74 গৰাকী কাৰান্দীৰ ভিতৰত 34 গৰাকীৰ দেহত পোৱা গৈছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ তাৰ ভিতৰত দুগৰাকী কাৰাবন্দী বয়স্ক লোক হোৱা বাবে তেওঁলোকক প্ৰেৰণ কৰা হৈছে বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসাললৈ ৷ বাকী থকা কাৰাবন্দী কেইগৰাকীক কাৰাগাৰৰ ভিতৰতে থকা আইচ'লেশ্যন ৱাৰ্ডত এটা চিকিৎসকৰ দলে চিকিৎসা মহাবিদ্যালয় খনৰ তৰফৰ পৰা চিকিৎসা প্ৰদান কৰি আছে ৷ তেওঁলোকৰ খোৱা-বোৱাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰাৰ লগতে,সম্পূৰ্ণ আছুতীয়াকৈ ৰখাৰো ব্যৱস্থা গ্ৰহণ কৰিছে কাৰাগাৰ কৰ্তৃপক্ষই ৷

বৰপেটা জিলা কাৰাগাৰৰ 34 গৰাকী কাৰাবন্দীৰ দেহত কৰ'ণাৰ অৱস্থিতি

আনহাতে ৭ বছৰৰ কাৰাদণ্ডৰ শাস্তিৰ ৰায় হ'ব বিচাৰাধীন বন্দী সকলৰ তালিকা প্ৰেৰণৰ বাবে উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশ অনুসৰি,তেওঁলোকৰ তালিকা প্ৰেৰণ কৰা বুলিও জানিবলৈ দিয়ে কাৰাগাৰ অধীক্ষক গোবিন্দ মালাকাৰে ৷ ইতিমধ্যে জিলা প্ৰশাসনৰ তৰফৰ পৰা সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰা হৈছে বুলিও উল্লেখ কৰে কাৰাগাৰ অধীক্ষক গৰাকীয়ে ৷

লগতে পঢ়ক: নগাঁও কেন্দ্ৰীয় কাৰাগাৰ পৰিদৰ্শন মহাপৰিদর্শক দশৰথ দাসৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.