ETV Bharat / state

পাঠশালাত আটক ইৰাণী গোটৰ তিনি দুৰ্ধৰ্ষ ডকাইত - আটক

দীৰ্ঘদিন ধৰি পাঠশালা আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় তিনিগৰাকী ডকাইতক লগতে উদ্ধাৰ কৰে ডকাইতি কাৰ্যত ব্যবহৃত চুৰি পালচাৰ বাইকসহ বাইক চুৰিত ব্যৱহৃত বহু সামগ্ৰী

ইৰাণী গোটৰ তিনি দুৰ্ধৰ্ষ ডকাইত আটক
author img

By

Published : Apr 12, 2019, 3:21 PM IST

পাঠশালা, 12 এপ্ৰিলঃ পাঠশালা ষ্টেট বেংকৰ পৰা আটক তিনি গৰাকী ইৰানী গোটৰ দুৰ্ধৰ্ষ ডকাইত ৷ পাঠশালা আৰক্ষীয়ে দীৰ্ঘদিন ধৰি অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় তিনিগৰাকী ডকাইতক ৷ বিভিন্ন সময়ত পাঠশালাৰ ষ্টেট বেংকৰ গ্ৰাহক আৰু বন্ধন বেংকৰ কৰ্মচাৰীক লক্ষ্য কৰি লাখ লাখ টকা পিস্তল দেখুৱাই অথবা চলন্ত বাইকেৰে কাঢ়ি নি ডকাইতি কাৰ্য সংঘটিত কৰি অহা ডকাইত কেইজন ধৰা পৰিল পাঠশালা আৰক্ষীৰ হাতত ৷ ধৃত ডকাইত কেইটা ক্ৰমে বিহাৰৰ চিন্দু কুমাৰ, কোচবিহাৰৰ দীপক সিং আৰু জজনু গোৱালা ৷ পূৰ্বৰ ডকাইতি ঘটনাৰ চি চি টিভি ফুটেজ চাই দীৰ্ঘদিন ধৰি চলোৱা আৰক্ষীৰ অভিযানৰ অন্তত আটক হয় দুৰ্ধৰ্ষ ডকাইত কেইটা ৷ আৰক্ষীয়ে সাধাৰণ নাগৰিকৰ বেশত জাল পাতি আটক কৰে তিনিওজনকে ৷

ইৰাণী গোটৰ তিনি দুৰ্ধৰ্ষ ডকাইত আটক

লগতে তেওঁলোকৰ পৰা ডকাইতি কাৰ্যত ব্যবহৃত JH-15R-9281 নম্বৰৰ এখন চুৰি পালচাৰ 220 বাইকসহ বাইক চুৰিত ব্যৱহাৰ কৰা কিছু সামগ্ৰী আৰু বান্দৰ কেঁকোৱাৰ কেইটামান পেকেট উদ্ধাৰ কৰিবলৈও সক্ষম হয় আৰক্ষী৷ উল্লেখ্য যে, এই তিনিগৰাকী সদস্যক আটক কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া ৷

পাঠশালাত ইৰাণী গোটৰ তিনি দুৰ্ধৰ্ষ ডকাইত আটক 

সূদীৰ্ঘ দিন ধৰি লুণ্ঠন চলাইছিল এছ বি আই গ্ৰাহকক lll

পাঠশালা আৰক্ষীয়ে দীৰ্ঘদিন ধৰি চলোৱা এক অভিযান ৰ পৰিনতিত কালি পাঠশালা ষ্টেট বেংকৰ পৰা তিনি গৰাকী ইৰানী গোট ৰ দুৰ্ধৰ্ষ ডকাইত আটক কৰিবলৈ সক্ষম হয় l প্ৰাপ্ত ঘটনা অনুসৰি বিগত মাহৰ লগতে বিভিন্ন সময়ত পাঠশালা ত ষ্টেট বেংক ৰ গ্ৰাহক অাৰু বন্ধন বেংক ৰ কৰ্মছাৰী ক লক্ষ্য কৰি লাখ লাখ টকা পিস্তল দেখুৱাই অথবা চলন্ত বাইকেৰে কাঢ়ি নি ডকাইতি কাৰ্য্য সংঘটিত কৰি আহিছিল l এনে ডকাইতি ঘটনাৰ  চি চি টিভি ফুটেজ লাভ কৰি আৰক্ষী এ অভিযান অব্যাহত ৰাখিছিল l তাৰেই পৰিনতিত কালি পাঠশালা আৰক্ষী  এ সাধাৰণ নাগৰিকৰ বেশত জাল পাতি অাজি ইৰানী গোট ৰ তিনি দুৰ্ধৰ্ষ ডকাইত ক্ৰমে বিহাৰৰ চিন্তু সিং.. আৰু কোচবিহাৰৰ দীপক সিঙ অাৰু জুগনু গোৱালাক

হাতেলোটে আটক কৰিবলৈ সক্ষম হয় l
 অভিযান ত আৰক্ষী এ ডকাইতি কাৰ্য্য ত ব্যবহৃত এখন  চুৰি পালচাৰ 220 বাইক  ( JH 15R  - 9281) সঃহ বাইক চুৰি কৰিৱ পৰা কিছু সামগ্ৰী অাৰু বান্দৰ কেঁকোৱাৰ কেইটামান পেকেট উদ্ধাৰ কৰিবলৈ সক্ষম হয় l বজালী মহকুমা আৰক্ষী বিষয়া বিৰিঞ্চি কুমাৰ বৰা ই জানিবলৈ দিয়া মতে ইৰানী গোট ৰ এই পৰিসৰ ব্যাপক অাৰু  এই গোট ৰ নামনি অসম জুৰি নেটৱৰ্ক অাছে l সম্প্ৰতি এটা বৃহৎ ডকাইত ৰ দলে বৰপেটা ৰোডত বাঁহৰ পাতি জিলাখনৰ বিভিন্ন প্ৰান্তত ধাৰাবাহিক লুণ্ঠন কাৰ্য্য অব্যাহত ৰাখিছিল l সম্প্ৰতি কেবাজনো ডকাইত অাজি পলাবলৈ সক্ষম হয় বুলি আৰক্ষী এ জানিবলৈ দিছে l উল্লেখযোগ্য যে সঘনাই এই ডকাইতি কাৰ্য্য ত ব্যবহাৰ হোৱা পিস্তল অাৰু ডকাইতি গেঙ বিচাৰি আৰক্ষী এ অভিযান অব্যাহত ৰাখিছে l  

SLUG: 
A_GHY_802_12APRIL_PATHSALA_SBI_ROBBERY_VIS+BITE_S_KHAN

FEED : FTP
SCRIPT : MAIL
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.