কলগাছিয়া, ১৪ ফেব্ৰুৱাৰী : কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত দাৱনদিয়াত দেওবাৰে বিয়লি ভূমি বিবাদক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হয় । দীৰ্ঘদিন ধৰি বিবাদিত ভূমিত শ্বহিদুল ইছলাম নামৰ যুৱকজনে খেতি কৰি আহিছিল । আজি শ্বহিদুল ইছলামে পত্নী ফাতেমা খাতুন, মাতৃ আৰু বৌয়েকক লৈ খেতিত কাম কৰিবলৈ যায় যদিও শ্বহিদুলে হঠাৎ কিবা কাৰণত ঘৰলৈ আহে ।
সেই সুযোগ লৈ প্ৰতিপক্ষ ক্ৰমে জাহিদুল ইছলাম, বাছেৰ আলী, নছেৰ, তচেৰ আৰু ছায়েদ অলিয়ে শ্বহিদুলৰ পত্নী, মাতৃ আৰু বৌয়েকক আক্ৰমণ কৰে । লোককেইজনে সেইয়া তেওঁলোকৰ ভূমি বুলি দাবী কৰি তিনিওগৰাকী মহিলাক পথাৰৰ মাজতেই মাৰপিট কৰে ৷
প্ৰতিপক্ষৰ আক্ৰমণত শ্বহিদুলৰ পত্নী, মাতৃ আৰু বৌয়েক গুৰুতৰভাবে আহত হয় আৰু তেওঁলোকক লগে লগে কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ শ্বহিদুল ইছলামৰ পত্নী ফাতেমা খাতুনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে । এই সন্দৰ্ভত প্ৰতিপক্ষৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিব বুলি জানিব দিয়ে ভুক্তভোগী পৰিয়ালটোৱে ।
লগতে পঢ়ক : বজাৰৰ অভাৱত ক্ৰমাৎ হ্ৰাস পোৱাৰ দিশে চিৰসেউজ লাম্পীৰ কুছিফুল