বৰপেটা, 12 মে’ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটাতো ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে ৷ মঙলবাৰে জিলাখনত নতুনকৈ 205 গৰাকী লোকৰ দেহত ক’ভিড-19ৰ অৱস্থিতি ধৰা পৰিছে ৷ বৰপেটা স্বাস্থ্য বিভাগৰ তথ্যত প্ৰকাশ কৰা অনুসৰি জিলাখনৰ বিভিন্ন ক’ভিড পৰীক্ষা কেন্দ্ৰত ২২৬৪ গৰাকী লোকৰ ক'ভিড পৰীক্ষা কৰাৰ বিপৰীতে ২০৫ গৰাকী লোক ক'ভিড-19ত আক্ৰান্ত বুলি চিনাক্ত হৈছে ৷ বৰ্তমানলৈ জিলাখনত ক'ভিড-19ত আক্ৰান্ত লোকৰ সংখ্যা মুঠ 2542 গৰাকীলৈ বৃদ্ধি পাইছে ৷
শেহতীয়া তথ্য অনুসৰি বৰপেটাত ৮৩০ গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰা বিপৰীতে মঙলবাৰৰ দিনটোত ৫৫ গৰাকী কৰ’ণা আক্ৰান্ত ৰোগী সুস্থ হৈ উঠিছে ৷ আনহাতে জিলাখনত ১৬৬৯ গৰাকী ক’ভিড ৰোগী চিকিৎসাধীন হৈ আছে ৷ ইপিনে চৰকাৰী তথ্য অনুসৰি বিগত ২৪ ঘন্টাৰ ভিতৰত বৰপেটাত এগৰাকী ৰোগীৰ মৃত্যু হৈছে ৷
উল্লেখ্য যে, মঙলবাৰৰ দিনটোলৈ বৰপেটাত কৰ’ণাত মৃত লোকৰ সংখ্যা ২৬ গৰাকীলৈ বৃদ্ধি ৷ কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকগৰাকী বৰপেটা জিলাৰ মুখ্য স্বাস্থ্য বিষয়া ডাঃ হিকমত আলী আহমেদ বুলি জানিব পৰা গৈছে ৷ চিকিৎসা বিষয়াগৰাকীয়ে ফেব্ৰুৱাৰী মাহতেই ক'ভিডৰ দুয়ো পালি প্ৰতিষেধক গ্ৰহণ কৰিছিল যদিও কৰ’ণাত আক্ৰান্ত হৈ স্বাস্থ্য বিষয়াগৰাকীৰ মৃত্যু হৈছে ৷
লগতে পঢ়ক : ডিব্ৰুগড়ৰ টাউন ৰে’ল ষ্টেচনত ক'ভিড আইচ’লেছন কেন্দ্ৰ স্থাপন