ETV Bharat / state

ব্ৰহ্মপুত্ৰৰ পাৰত ম’বাইল-গামোচা থৈ কলৈ গ’ল ৰাজেশ ? - ব'ল ব'ম

ব্ৰহ্মপুত্ৰৰ পাৰত ম’বাইল-গামোচা থৈ সন্ধানহীন পুত্ৰ ৷ কলৈ গ’ল 19 বছৰীয়া ৰাজেশ বাচফৰ ? বোল বোমলৈ ওলাই যোৱা যুৱকজনৰ সন্ধান নাজানে বন্ধুবৰ্গই ৷

19-years-old-youth-missing-in-barpeta-etv-bharat-assam
ব্ৰহ্মপুত্ৰৰ পাৰত মোবাইল গামোছা থৈ কলৈ গ’ল ৰাজেশ ?
author img

By

Published : Aug 2, 2021, 10:15 PM IST

Updated : Aug 3, 2021, 2:13 PM IST

বৰপেটা, 2 আগষ্ট : কৰ’ণা মহামাৰীৰ ভয়াৱহ সংক্ৰমণৰ মাজতে এক আশ্বৰ্যজনক ঘটনা সংঘটিত হৈছে ৷ 8 দিনলৈ উভতি নাহিল বোল বোমলৈ যোৱা 19 বছৰীয়া পুত্ৰ ৷ পুত্ৰৰ সন্ধানত থানাই থানাই ঘূৰি ফুৰিছে শোকাকুল পিতৃ-মাতৃ ৷

বিগত ২৫ জুলাইৰ সন্ধিয়া চেঙা বামপাৰা গাঁৱৰ ৰঞ্জন, সৰু, পুতু আদিৰ লগতে 6 জন বন্ধুৰ সৈতে বোল বোম উপলক্ষে আহোমৰ ৰজাদিনীয়া ডক্ৰেশ্বৰ দেৱালয়লৈ বুলি ওলাই গৈছিল ৰাজেশ বাচফৰ নামৰ 19 বছৰীয়া ল'ৰাজন ৷ ডক্ৰেশ্বৰ দেৱালয়ত খিচিৰি ৰান্ধিবলৈ মাকৰ পৰা চাউল-দালি আদিও খুজি লৈ গৈছিল ৰাজেশে ৷ ওলাই যোৱাৰ পিছত ল'ৰাজন পুনৰ উভতি নাহিল ঘৰলৈ ৷

বোল বোমলৈ যোৱা ৰাজেশ সন্ধানহীন

ইপিনে ৰাজেশক বিচাৰি মাতৃয়ে ফোন কৰাৰ পিচত এজন যুৱকে ৰাজেশৰ ম’বাইল আৰু গামোচাখন দেৱালয়ৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ পাৰত পোৱা বুলি জানিবলৈ দিয়ে ৷ ইয়াৰ বাহিৰে আন কোনো খবৰ নাই বুলি যুৱকজনে ৰাজেশৰ মাতৃক জনায় ৷ পিছে ৰাজেশ কলৈ গ’ল, কি হ’ল এই বিষয়ে বন্ধুসকলে আজি পৰ্যন্ত ৰাজেশৰ পিতৃ-মাতৃক একো জনোৱা পৰিলক্ষিত নহ’ল ৷

ল’ৰাজন সন্ধানহীন হৈ থকাক লৈ পিতৃয়ে বৰপেটা সদৰ থানাৰ আৰক্ষীক এজাহাৰ দাখিল কৰিছিল ৷ আৰক্ষীয়ে এইবিষয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে পৰিয়ালবৰ্গৰ বিৰুদ্ধে ৷ কোনো কোনোৱে ল’ৰাজন ব্ৰহ্মপুত্ৰত উটি যোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ যদিহে ল’ৰাজন নৈত উটি গ'ল তেন্তে ম’বাইল আৰু গামোচা কেনেকৈ নৈৰ পাৰত পালে বুলি পিতৃ-মাতৃয়ে প্ৰশ্ন উত্থাপন কৰে ৷

মন কৰিবলগীয়া যে, বৰ্তমান ক’ৰণা মহামাৰীৰ বাবে ৰাজ্যৰ অধিকাংশ মন্দিৰ, দোকান-পোহাৰ বন্ধ হৈ আছে ৷ তেনে পৰিপ্ৰেক্ষিতত অম্বুবাচীৰ দৰে বোল বোম যাত্ৰাও বন্ধ কৰি দিয়া হৈছে ৷ গতিকে কেনেকৈ আৰু ক’ত নিৰুদ্দেশ হ’ল 19 বছৰীয়া ৰাজেশ ৷ এতিয়া আৰক্ষীক ভৰসা কৰিয়েই ৰাজেশৰ পিতৃ-মাতৃয়ে পাৰ কৰিছে দিন ৷

লগতে পঢ়ক: শাওণ মাহৰ দ্বিতীয় সোমবাৰ উপলক্ষে মহাকালেশ্বৰ জ্য়োতিৰলিংগ মন্দিৰত ভস্ম আৰতি

Last Updated : Aug 3, 2021, 2:13 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.