ETV Bharat / state

বৰপেটা মেডিকেল কলেজ হাস্পতালৰ 14 গৰাকীৰ দেহত ক'ভিড

author img

By

Published : Jul 7, 2021, 8:54 PM IST

বৰপেটা মেডিকেল কলেজ হাস্পতালৰ প্ৰশাসনিক বিভাগৰ 14 গৰাকী কৰ্মচাৰীৰ দেহত ক'ভিডৰ অৱস্থিতি পোৱা গৈছে ৷ ইয়াৰ পাচতে এক আতংকই বিৰাজ কৰিছে কৰ্মচাৰী সকলৰ মাজত ৷

14 employees of barpeta medical college hospital suffering from covid
বৰপেটা মেডিকেল কলেজ হাস্পতালৰ 14 গৰাকীৰ দেহত ক'ভিড

বৰপেটা, ৭ জুলাই : বৰপেটা চিকিৎসা মহাবিদ্যালয়ত চাঞ্চল্যকৰ ঘটনা ৷ বৰপেটা মেডিকেল কলেজৰ (Fakhruddin Ali Ahmed Medical College and Hospital, Barpeta)14 গৰাকী কৰ্মচাৰীৰ দেহত পোৱা গৈছে ক'ভিডৰ উপস্থিতি ৷ বিগত কেইটামান দিনৰ ভিতৰতে বৰপেটা মেডিকেল কলেজত কৰ্মৰত এজনৰ পিচত আনজন কৰ্মচাৰী ক'ভিডত আক্ৰান্ত হৈছে ৷

যোৱা ২৬ জুনৰ পৰা 7 জুলাই পৰ্যন্ত বৰপেটা মেডিকেল কলেজৰ ১৪ গৰাকী কৰ্মচাৰীৰ দেহত ধৰা পৰিছে ক'ভিড ৷ বৰপেটা মেডিকেল কলেজৰ এজনৰ পিচত আনজন কৰ্মচাৰী ক'ভিডত আক্ৰান্ত হোৱাক কেন্দ্ৰ কৰি কৰ্মচাৰীসকলৰ মাজত এতিয়া আতংকই বিৰাজ কৰিছে ৷ বিশেষকৈ বৰপেটা মেডিকেল কলেজৰ প্ৰশাসনীয় কাৰ্যালয়ত কৰ্মৰত আছিল ২৫ গৰাকী কৰ্মচাৰী ৷

এই 25 গৰাকী কৰ্মচাৰীৰ ভিতৰত 14 গৰাকী কৰ্মচাৰীৰ দেহত ধৰা পৰিছে ক'ভিড-19 ৷ এইক্ষেত্ৰত সম্ভৱ হ'লে কিছুদিনৰ বাবে বৰপেটা মেডিকেল কলেজৰ চৌহদতো কন্টেইনমেন্ট জ'ন ঘোষণা কৰিবলৈ বৰপেটা মেডিকেল কলেজ হাস্পতালৰ কৰ্মচাৰী সন্থাই অধ্যক্ষক আহ্বান জনাইছে ৷

বৰপেটাত তুলনামূলকভাৱে হ্ৰাস পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা ৷ যোৱা 24 ঘন্টাত বৰপেটাত ৩৬ জন লোক ক'ভিডত আক্ৰান্ত হোৱাৰ সমান্তৰালভাৱে জিলাখনত ক'ভিডত আক্ৰান্তৰ হাৰ আছিল মাথো ১.৩৮ শতাংশ ৷ ইপিনে, মঙলবাৰে বৰপেটা জিলাত এগৰাকীও ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা নাই ৷ তাৰ মাজতে এই খবৰে চিন্তিত কৰিছে ৰাইজক ৷

লগতে পঢ়ক: উচ্চতম ন্যায়ালয় পালেগৈ অসমৰ জনসংখ্যা নীতিৰ প্ৰসংগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.