ETV Bharat / state

বাক্সাৰ মুছলপুৰত বিশ্ব পৰিবেশ দিৱস উদযাপন

author img

By

Published : Jun 5, 2021, 11:06 PM IST

বিশ্ব পৰিবেশ দিৱস উপলক্ষে মুছলপুৰত বিটিএডি সাংবাদিক সংন্থা বাক্সা জিলা সমিতি, জাৰ্নেলিষ্ট ইউনিয়ন অসমৰ বাক্সা জিলা সমিতিৰ লগতে মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত ৰূপায়ণ কৰা হয় গছপুলি ৰোপণ কাৰ্যসূচী ৷

world-enviornmental-day-celebrated-at-baksa-musalpur
বাক্সাৰ মুছলপুৰত বিশ্ব পৰিবেশ দিৱস উদযাপন

বাক্সা, ৫ জুন : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাৰ সদৰ মুছলপুৰতো বিটিএডি সাংবাদিক সংন্থা বাক্সা জিলা সমিতি আৰু জাৰ্নেলিষ্ট ইউনিয়ন অসমৰ বাক্সা জিলা সমিতিৰ উদ্যোগত বিশ্ব পৰিবেশ দিৱস পালন কৰা হয় ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি এক গছপুলি ৰোপন কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ কাৰ্যসূচীত মুখ্য ৰোপক হিচাপে অংশ গ্ৰহণ কৰে বাক্সা জিলা উপায়ুক্ত আয়ুস গাৰ্গে ৷

ৰোপন কাৰ্য সম্পন্ন কৰি উপায়ুক্ত গৰাকীয়ে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে সকলো জনসাধৰণে গছপুলি ৰোপন কৰাৰ বাবে আহ্বান জনায় ৷ অনুষ্ঠানত উপায়ুক্ত গৰাকীৰ উপৰিও বাক্সা জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক, জিলা স্বস্থ্য বিভাগৰ যুটীয়া সঞ্চালককে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে ৷

ইপিনে প্ৰতি বছৰৰ দৰে এইবেলিও বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানতো উদ্যান কৰ্তৃপক্ষই ক'ভিড প্ৰটকল মানি গছপুলি ৰোপন কৰি বিশ্ব পৰিৱেশ দিৱস পালন কৰে । উক্ত দিৱসৰ লগত সংগতি ৰাখি উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জৰ সমীপৰ মুছা ল'জত এখন সাধাৰণ সভা অনুষ্ঠিত কৰি পৰিৱেশ সম্পৰ্কে আলোচনা কৰা হয় ।

সভাত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক অমল কুমাৰ শৰ্মা, বনবিষয়া বাবুল ব্ৰহ্ম, ডব্লিউ ডব্লিউ এফৰ সনাতন ডেকাকে ধৰি ৰিজৰ্ট সমূহৰ মালিক আৰু অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে বাঁহবাৰীস্থিত সীমা সুৰক্ষা বাহিনীৰ ৫৪ নম্বৰ বেটেলিয়ানৰ বিষয়া সহিতে জোৱান সকলো উপস্থিত থাকে ৷

সভাৰ শেষত উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক অমল কুমাৰ শৰ্মাই সংবাদমাধ্যমৰ আগত কয় যে, পৰিৱেশক আমি যিকোনো প্ৰকাৰে জীয়াই ৰখাৰ স্বাৰ্থত কোনো কাৰণ নোহোৱাকৈ গছ-গছনি ধ্বংস নকৰি সকলোৱে গছ পুলি ৰোপন কৰিব লাগে ।

লগতে পঢ়ক: ৰূপহীহাটত চুপাৰী ফেক্টৰীত আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.