ETV Bharat / state

Elephant Menace in Baksa : বাক্সাত বনৰীয়া হাতীয়ে নিতৌ চলাইছে উপদ্ৰৱ - হঠাৎ বৃদ্ধি হৈছে হাতী-মানুহৰ সংঘাত

ৰাইজে কষ্টৰে মুৰৰ ঘাম মাটিত পেলায় বছৰেকলৈ বুলি সাঁচি থোৱা ধানৰ ভঁৰাল উদং কৰিলে বাক্সাত বনৰীয়া হাতীৰ জাকে (Elephant Menace in Baksa) ৷ চকু পানীৰে বাট দেখা নোপোৱা ৰাইজে কাকূতি মিনতি কৰিছে প্ৰশাসনক হাতী-মানুহৰ সংঘাত ৰোধ কৰিবলৈ ৷

Elephant Menace in Baksa
বনৰীয়া হাতীয়ে নিতৌ চলাইছে উপদ্ৰৱ
author img

By

Published : Dec 20, 2021, 1:50 PM IST

বাক্সা, 20 ডিচেম্বৰ : বিগত প্ৰায় কেইবাদিনো ধৰি বাক্সা জিলাত বনৰীয়া হাতীৰ উপদ্ৰৱ বৃদ্ধি পাইছে (Elephant Menace in Baksa) ৷ দৈনিক জনাঞ্চললৈ ওলাই আহি ৰাইজৰ বিস্তৰভাৱে ক্ষতি সাধন কৰিছে ৷ বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ উত্তৰ প্ৰান্তত হঠাৎ বৃদ্ধি হৈছে হাতী-মানুহৰ সংঘাত (wild elephant roaming in baksa) ৷ দিনে-নিশাই হাতী খেদাৰ বাবে সাজু হৈ থাকিব লগীয়া ৰাইজে পাহৰি পেলাইছে চকুৰ টোপনি ৷

শুকুৰবাৰে নিশা মুছলপুৰ মহকুমাৰ বাতাবাৰী আঞ্চলিক বন-কাৰ্যালয়ৰ অন্তৰ্গত পাখামাৰা, পলাশী, দধিগাঁও, ব্ৰহ্মপুৰকে আদি কৰি কেইবাখনো গাঁৱত প্ৰায় 150 জনীয়া হাতীৰ জাকে তাণ্ডৱ চলায় ৷ কেইবাটাও পৰিয়ালৰ বাসগৃহ ভঙাৰ লগতে ভঁৰালৰ ধান খাই তহিলং কৰে ৷ খেতিপথাৰ সমূহৰো অনিষ্ট সাধন কৰে (wild elephant destroyed essentials of villagers) ৷

বনৰীয়া হাতীয়ে নিতৌ চলাইছে উপদ্ৰৱ

জানিব পৰা মতে, 1 নং পলাশী গাঁৱৰ যোগেশ্বৰ ব্ৰহ্ম, লক্ষীৰাম বড়ো, জুনু বড়ো, নমালি বড়োৰ লগতে দধিগাঁৱৰ অনিল বড়ো, ৰতি বড়ো, ঘনশ্যাম ঘিমৰে আৰু জীৱন ঘিমৰেৰ ঘৰ ভাঙি উপদ্ৰৱ চলায় ৷ ওচৰৰে আন এখন গাঁৱৰ মধু বড়ো, কৰ্দে ব্ৰহ্ম, থেংগনা ব্ৰহ্ম আৰু দাণ্ডি বড়ো নামৰ লোক কেইজনৰ বাসগৃহত প্ৰৱেশ কৰি সকলো বস্তু ভাঙি চুৰমাৰ কৰাৰ লগতে ধান, চাউল খাই তহিলং কৰে ৷

অঞ্চলবাসীয়ে বাৰম্বাৰ বন-বিভাগৰ লোকৰ সৈতে যোগাযোগ কৰাৰ পিছতহে উপস্থিত হয় ঘটনাস্থলীত ৷ কিন্তু হাতীৰ জাকটোৰ তাণ্ডৱ নিয়ন্ত্ৰণৰ বাহিৰত আছিল বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : Man Elephant conflict at Kampur : কামপুৰত বন্যহস্তীৰ মুক্ত বিচৰণে নিদ্ৰা হৰিছে চহা কৃষকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.