ETV Bharat / state

বাক্সাত কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী এজন বহিঃৰাজ্যৰ যুৱক - নাগ্ৰীজুলিৰ বৰনদীৰ পাৰত

বহিঃৰাজ্যৰ যুৱকে বাক্সা নাগ্ৰীজুলিৰ ১ নং বগৰীখুটিৰ বৰনদীৰ পাৰত ৰচিচে সপোন ৷ বিগত দহ বছৰ পূৰ্বে পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাৰ ফালাকাটাৰ পৰা জয়দেৱ ভৌমিকে নিজৰ খুড়াকৰ সৈতে নাগ্ৰীজুলিত কৃষিফাৰ্মত কাম কৰাৰ বাবে আহিছিল আৰু তাৰ পিছৰে পৰা ঘৰলৈ উভতি নগৈ বৰ্তমানলৈকে তেওঁ নাগ্ৰীজুলিৰ বৰনদীৰ পাৰত কৃষি কৰ্মৰ জৰিয়তে সপোন বাস্তৱত ৰূপায়িত কৰিবলৈ প্ৰয়াস কৰি আহিছে ৷

west bengal farmer revolutaions at baksha joiy dev bhoumik
বাক্সাত কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী এজন বহিঃৰাজ্যৰ যুৱক
author img

By

Published : Aug 22, 2020, 10:09 AM IST

বাক্সা,22আগষ্টঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলিৰ ১ নং বগৰীখুটিত বহিঃৰাজ্যৰ পৰা অহা এজন যুৱকে নিজৰ কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে । বিগত দহ বছৰ পূৰ্বে পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাৰ ফলাকাটাৰ পৰা জয়দেৱ ভৌমিকে নিজৰ খুড়াকৰ সৈতে নাগ্ৰীজুলিত কৃষিফাৰ্মত কাম কৰাৰ বাবে আহিছিল আৰু তাৰ পিছৰে পৰা ঘৰলৈ উভতি নগৈ বৰ্তমানলৈকে তেওঁ নাগ্ৰীজুলিৰ বৰনদীৰ পাৰত কৃষি কৰ্মৰ জৰিয়তে সপোন বাস্তৱত ৰূপায়িত কৰিবলৈ প্ৰয়াস কৰি আহিছে ৷

west bengal farmer revolutaions at baksha joiy dev bhoumik
বাক্সাত কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী এজন বহিঃৰাজ্যৰ যুৱক

উল্লেখযোগ্য যে, বহিঃৰাজ্যৰ যুৱক জয়দেৱ ভৌমিকে প্ৰায় ৫০ বিঘা মাটি বন্ধকত লৈ নিজৰ পৰিয়ালটোক পোহপাল দিয়াৰ লগতে স্থানীয় কেইবাটাও পৰিয়ালক কৃষি কৰ্মৰ জৰিয়তে সংস্থাপন দিবলৈ সক্ষম হৈছে । ১ নং বগৰীখুটি গাঁৱৰ গোৰ্খা সম্প্ৰদায়ৰ এজন লোকৰ পৰা মাটি বন্ধকত লৈ প্ৰতি বছৰে তিয়হ,তিতা কেৰেলা,জিকা আদি খেতি কৰি লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে জয়দেৱ ভৌমিকে ।

আনহাতে বিশ্ব ত্ৰাস কৰ’ণা মহামাৰীয়েও যুৱকগৰাকীৰ খেতিত কোনো ধৰণৰ প্ৰভাৱ পেলাব পৰা নাই যদিও বানৰ ফলতহে পটলৰ খেতি কিছু নষ্ট হয় বুলি জয়দেৱ ভৌনিকে জানিবলৈ দিয়ে ৷ যি সময়ত ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীয়ে কৰ্ম সংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ ঢাপলি মেলা দেখিবলৈ পোৱা যায়,তেনে সময়তে বহিঃৰাজ্যৰ পৰা অহা যুৱকে কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হ’ৱলৈ সক্ষম হৈছে এই অসমতে ৷ নিসন্দেহে জয়দেৱ ভৌমিক সম্প্ৰতি ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে আৰ্দশ হৈ পৰিছে ৷

লগতে পঢ়কঃ গণেশ চতুৰ্থী : মছলাৰ দ্বাৰা নিৰ্মিত গণপতিৰ মূৰ্তিৰ চাহিদা বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.