বাক্সা, 1মে: চুমিলা ৰংহাঙপীৰ হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওতেই বাক্সাৰ নিকাছীৰ সমীপৱৰ্তী পশ্চিম আমবাৰীত যোৱা ২৭ এপ্ৰিলত এগৰাকী অসহায় মহিলাক ৰাজহুৱা সভাত নিৰ্মম ভাৱে প্ৰহাৰ কৰাৰ এক বাতৰি সম্প্ৰচাৰ হৈছিল ইটিভি ভাৰতত । ভাইৰেল ভিডিঅ’টো বাক্সা জিলাৰ নিকাছীৰ সমীপৱৰ্তী পশ্চিম আমবাৰীৰ বুলি বিভিন্ন মহলে দাবী কৰি থকাৰ সময়তে শুকুৰবাৰে পশ্চিম আমবাৰীবাসীয়ে সংবাদমেল অনুষ্ঠিত কৰি সমগ্ৰ ঘটনা সন্দৰ্ভত এক স্পষ্টীকৰণ দিয়ে ।
গাঁওৱাসীয়ে সংবাদমেল যোগে কয় যে, উক্ত ঘটনাটো পশ্চিম আমবাৰীত সংঘটিত হোৱা নাই আৰু মিছাকৈ তেওঁলোকক দোষাৰোপ কৰি থকাটো অতিকৈ দুৰ্ভাগ্যজনক । ঘটনাটো যিয়েই নকৰক সেয়া সঁচাকৈয়ে নিন্দনীয় আৰু ঘটনা সংঘটিত কৰা ব্যক্তিসকলক আৰক্ষী প্ৰশাসনে অতি শীঘ্ৰে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিব লাগে । লগতে তেঁওলোকে প্ৰয়োজনত আৰক্ষীক সহায় কৰিবলৈও সম্পূৰ্ণ প্ৰস্তুত বুলি সদৰি কৰে ।
উল্লেখযোগ্য যে, যিটো ঘটনা পশ্চিম আমবাৰীৰ বুলি দাবী কৰি থকা হৈছিল সেয়া আচলতে কোন ঠাইৰ সেই কথা এতিয়ালৈকে আৰক্ষী অথবা কোনো এটা মহলে স্পষ্টকৈ ক'ব পৰা নাই ৷
লগতে পঢ়কঃ বেতেৰে নিৰ্মাণ কৰা এখন অত্যাধুনিক বিশেষ বুলেট